শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন

author-image
Asomiya Pratidin
New Update
শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন

ডিজিটেল সংবাদ,নগাঁও : ভাষা-মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ এটি আবক্ষ মূৰ্তি বুধবাৰে উন্মোচন কৰা হয় ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আনুষ্ঠানিক ভাবে আৱক্ষ মূৰ্তিটো উন্মোচন কৰে ৷

Advertisment

১৯৭২ৰ ভাষা-মাধ্যম আন্দোলনত তেতিয়াৰ ছাত্ৰ নেতা অনিল বৰাক নৃশংস ভাবে হত্যা কৰা হৈছিল ৷ ছাত্ৰ নেতা জনৰ আত্মবলিদানৰ ৫০ বছৰৰ ক্ষনত অনিল বৰাৰ পৰিয়ালৰ লোকে আৱক্ষ মূৰ্তিটো নিৰ্মান কৰিছে ৷ ম’হখুলি স্থিত শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত আৱক্ষ মূৰ্তিটি নিৰ্মান কৰা হৈছিল ৷

ভাস্কৰ্য শিল্পী বাবু কুমাৰ ৰয়ে নিৰ্মান কৰা শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তিটি উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাই কয়, "শ্বহীদ গৰাকীৰ সংগ্ৰামী সত্বাক আৱক্ষ মূৰ্তিটিয়ে সোঁৱৰাই ৰাখিব ৷ মূৰ্তিটো উন্মোচনৰে জড়িত হবলৈ পাই নিজকে গৌৰব বোধ কৰিছো ৷"

assam NOGAON