মৰিয়নিত জনতা যুৱ মৰ্চাৰ সভা…

মৰিয়নিত জনতা যুৱ মৰ্চাৰ সভা…

author-image
asomiyapratidin
New Update
মৰিয়নিত জনতা যুৱ মৰ্চাৰ সভা…

ডিজিটেল সংবাদ মৰিয়নি: ভাৰতীয় জনতা যুৱ মৰ্চাৰ মৰিয়নি মণ্ডলৰ এখন সভা  ২ আগষ্টত লোকনাথ বিবাহ ভৱনত অনুষ্ঠিত হয়। মৰিয়নি মণ্ডল যুৱ মৰ্চাৰ সম্পাদক মঞ্জিল কুমাৰ দাসে আঁত ধৰা সভাখনত পৌৰহিত্য কৰে হেমন্ত পাঠকে।

Advertisment

সভাত ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক গোস্বামীয়ে ভাৰতৰ ইতিহাস আৰু বিকাশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। এই সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যুৱ মৰ্চাৰ দায়িত্ব-কৰ্তব্য সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

যোৰহাট জিলা যুৱ মৰ্চাৰ উপসভাপতি আইচেং সন্দিকৈ,  যুৱ মৰ্চাৰ জিলা সভাপতি পাৰ্থজ্যোতি বৰাকে ধৰি বিশিষ্ট ব্যক্তি এই সভাত উপস্থিত থাকে।

আৰু পঢ়ক : ঘৰে ঘৰে গৈ পুনঃৰ্নিৰীক্ষণ কৰা হ'ব অৰুণোদয় আচঁনিৰ হিতাধিকাৰী তালিকা নাম…

assam mariyoni rupjyoti kurmi meeting