একত্ৰিকৰনৰ নামত মৰিয়নিৰ নকছাৰি মহাবিদ্যালয় বন্ধঃ দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়া

একত্ৰিকৰনৰ নামত মৰিয়নিৰ নকছাৰি মহাবিদ্যালয় বন্ধঃ দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়া

author-image
Asomiya Pratidin
New Update
একত্ৰিকৰনৰ নামত মৰিয়নিৰ নকছাৰি মহাবিদ্যালয় বন্ধঃ দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, মৰিয়নিঃ ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ মাধ্যমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ একত্ৰিকৰনৰ আচিলাত ৰাজ্যৰ ৮,০৬৬ খন চৰকাৰী বিদ্যালয় চিৰ দিনলৈ বন্ধ কৰাৰ পিছত এইবাৰ একেই পন্থা অৱলম্বন কৰি ৰাজ্যৰ ৭৮০ খন প্ৰাদেশীকৃত মহাবিদ্যালয় ৰাজ্যৰ শিক্ষা বিভাগে বন্ধ কৰা যো জা চলোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।এই তালিকাত মৰিয়নী সমষ্টিৰ নকছাৰি মহাবিদ্যালয়ৰ নামো অন্তৰ্ভুক্ত হোৱাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

Advertisment

নকছাৰি অঞ্চলবাসী ৰাইজৰ দান বৰঙনিৰে ১৯৮৮ চনত স্থাপন হোৱা নকছাৰি মহাবিদ্যালয় গ্ৰাম্য আৰু বাগিছা অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী বাবে উচ্চ শিক্ষা গ্ৰহনৰ প্ৰান কেন্দ্ৰ স্বৰূপ। তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা নকছাৰি মহাবিদ্যালয়ৰ নাম শিক্ষা বিভাগৰ একত্ৰীকৰনৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ বিৰোধীতা কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই।মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই সিদ্ধান্ত বাতিল কৰিবলৈ নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে।অন্যথা অনাগত সময়ত নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই নিৰবিচ্ছিন্ন গনতান্ত্ৰিক কাৰ্যসূচী চলাই যাব বুলি সকীয়াই দিয়ে।

Also Read: ভুল প্রশ্নৰে ছেবাৰ প্ৰশ্নকাকতঃ গণিত পৰীক্ষাত উত্তৰ কৰিব নোৱাৰি বিপাঙত ছাত্ৰ-ছাত্ৰী