নৃশংস হত্যাকাণ্ড; স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ…

নৃশংস হত্যাকাণ্ড; স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ…

author-image
asomiyapratidin
New Update
নৃশংস হত্যাকাণ্ড; স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ…

ডিজিটেল সংবাদ, মৰিয়নী: মৰিয়নী নকছাৰী নাগিনীজান চাহ বাগিচাত মঙলবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিছাৰ বিলবস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

অভিযোগ অনুসৰি বাগিচা খনৰ লক্ষীৰাম কৰ্মকাৰ নামৰ ব্যক্তিজনে পত্নীক অকথ্য শাৰিৰীক নিৰ্যাতন চলাই হত্যা কৰে।মহিলাগৰাকীৰ দেহত আঘাত কৰাৰ লগতে হানি খুচি নৃশংস ভাৱে হত্যা কৰে স্বামী লক্ষীৰাম কৰ্মকাৰে।

আনহাতে অভিযুক্ত স্বামীয়ে নিশায়ে পত্নীক হত্যা কৰি পুৱা মৃতদেহটো সৎকাৰৰ বাবে যো জা কৰোতে লক্ষীৰামৰ আচৰণত আৰু মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন থকাত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে দেবেৰাপাৰ আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে পত্নী হত্যাৰ অভিযুক্ত লক্ষীৰাম কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে লক্ষীৰামে মদ্যপান কৰি আহি দীৰ্ঘদিনে পত্নীৰ লগত কাজিয়াত লিপ্ত হৈ অহাৰ লগতে নিৰ্মম শাৰীৰিক নিৰ্যাতন চলাই আহিছিল বুলি ওচৰ-চুবুৰীয়া লোকে অভিযোগ কৰিছে।

আনহাতে কালি কাজিয়াই চুড়ান্ত ৰূপ লয় আৰু হত্যাৰ বলি হয় মহিলা গৰাকী।এই ঘটনাই নাগিনীজান চাহ বাগিচাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰু পঢ়ক:

assam murder crime Assam police