দিন বেয়া কুৰ্মীৰ! মৰিয়নি পৌৰসভা নিৰ্দলীয়ৰ দখলত…

দিন বেয়া কুৰ্মীৰ! মৰিয়নি পৌৰসভা নিৰ্দলীয়ৰ দখলত…

author-image
asomiyapratidin
New Update
এইবাৰ আলফা স্বাধীনৰ মধ্যস্থতাকাৰী হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী…

ডিজিটেল সংবাদ, মৰিয়নি: ৰাজ্যৰ পৌৰসভা নিৰ্বাচনত অধিকাংশ পৌৰসভা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মৰিয়নিত দেখা গ'ল বিপৰীত দৃশ্য।

Advertisment

মৰিয়নি বিজেপিক ধুলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধব্বজা।মৰিয়নি পৌৰসভা নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ পচন্দৰ প্ৰাৰ্থীক নিবাচৰ্নত অৱতীৰ্ণ কৰোৱাত ক্ষোভিত হৈ নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হয় বহু বিজেপি কৰ্মী।

মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়।মনকৰিবলগীয়া যে মৰিয়নি নগৰৰ ১৭হেজাৰ ভোটাৰৰ গৰিষ্ঠসংখ্যকে হৈছে বঙালী ভোটাৰ।অলক ঘোষৰ প্ৰভাব থকা বঙালী ভোটাৰসকলে পূৰ্বৰদৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰা পৰিলক্ষিত হয়।আনহাতে বিজেপিৰ দলে ৬ নম্বৰ ৱাৰ্ডত কস্তুৰী আগৰৱালা গগৈ আৰু ৭ নম্বৰ ৱাৰ্ডত চুমকি মজুদাৰ জয়ী হয়।

assam bjp municipal election rupjyoti kurmi