/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/unnamed-file.jpg)
ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নিৰ নকছাৰিত আছুৰ উদ্যোগত অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ বাবে শিক্ষা-কোষ গঠন।অধ্যক্ষ ৰণজিত গগৈক সভাপতি আৰু অবিনাশ ফুকনক সম্পাদকৰ দায়িত্ব অৰ্পন কৰি এখন সমিতি গঠন কৰা হৈছে। ।কেৰিয়াৰ কাউন্সিলিং-প্ৰতিযোগিতামূলক পৰীক্ষাৰ-সামাজিক দায়বদ্ধ দৃষ্টিভংগী গঢ়ি তোলাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে শিক্ষা কোষক।
নকছাৰি অঞ্চলৰ বিভিন্ন শৈক্ষিক সমস্যা,ছাত্ৰ-শিক্ষক-অভিভাৱকৰ সম্পৰ্ক ,কেৰিয়াৰ কাউনচিলিং,প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ সমাজক প্ৰয়োজনীয় প্ৰশিক্ষণ ব্যৱস্থা ইত্যাদি দিশৰ লগতে শৈক্ষিক সমস্যা -মানৱীয় দৃষ্টিভংগী গঢ় দিয়া ইত্যাদি বিষয়ে স্থান লাভ কৰে।
নকছাৰি আছুৰ উপদেষ্টা দেৱজিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনিত তিতাবৰ মহকুমা আছুৰ সম্পাদক তথা নকছাৰি আছুৰঅন্যতম উপদেষ্টা অবিনাশ ফুকন,নকছাৰি আছুৰ সম্পাদক মাধূৰ্য গগৈয়ে শৈক্ষিক সভাখনি আঁত ধৰে।নকছাৰিৰ জ্যেষ্ঠ শিক্ষাবিদ-লেখক তথা যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি দেবেন্দ্ৰনাথ বৰা,নকছাৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ (পূৰ্বৰ জিনিয়ৰ কলেজ)অধ্যক্ষ ৰণজিত গগৈ,নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা,নকছাৰি জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ঘন লাহন, অধ্যাপক দেৱজিত গগৈপ্ৰাক্তন শিক্ষক ছাদিমূলা আহমেদ,জগত মোহন গগৈ,বিনোদ হাজৰীকা ,শিক্ষক দেৱজিত গগৈ,ক্ষীৰোদগগৈ, নকছাৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰাগ তাছা, নকছাৰি উন্নয়ন সমিতিৰ সভাপতি হেৰম্ব গগৈ, নয়নমণি গগৈ,প্ৰাক্তন আছু নেতা যাদৱদুৱৰা,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নবীন সন্দিকৈ,দেবেৰাপাৰ ব্যৱসায়ী সন্থাৰ সভাপতি ৰূপম গগৈ,প্ৰণৱ কুমাৰ গগৈকে ধৰি বহু কেইজন বিশিষ্ট লোকে অংশ লোৱাৰ লগতে মন্তব্যকৰি শৈক্ষিকদিশৰ লগতে অনান্য বিষয়ত পৰামৰ্শ আগবঢ়ায়।
প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে নকছাৰি অঞ্চলত সম্মুখীন হোৱা সমস্যা আৰু ছাত্ৰ সংগঠনে কৰিব পৰা ভূমিকা সম্পৰ্কে বিশদ আলোচনা হয়। সভাত নকছাৰি আছুৰ উদ্যোগত শৈক্ষিক ন্যাস গঠন কৰে।নকছাৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰঅধ্যক্ষ ৰণজিত গগৈক সভাপতি আৰু আছুৰ অবিনাশ ফুকনক সম্পাদক নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা,অধ্যাপক দেৱজিত গগৈ,হেৰম্ব গগৈক উপসভাপতি,শিক্ষক দেৱজিত গগৈক কোষাধ্যক্ষ ,ঘন লাহন,যাদৱ দুৱৰা ,নয়নমণি গগৈক হিচাপ নিৰীক্ষক ,আদিত্য গগৈ,মাধূৰ্য গগৈ সহকাৰী সম্পাদকৰ লগতে বহুকেইজনক সদস্য নকছাৰি আছুৰ সভাপতি-সম্পাদককে ধৰি ২৯ জনীয়া সমিতিখন গঠন কৰে।উপদেষ্টা ৰূপত প্ৰাক্তন শিক্ষাগুৰু দেবেন্দ্ৰনাথ বৰা,নকছাৰিৰ সন্তান ছেবাৰ প্ৰাক্তন সচিব তথা শিক্ষা সংসদৰ সচিব বৰ্তমানৰ বিদ্যালয়ৰ পৰিদৰ্শক কমলজ্যোতি গগৈ,প্ৰাক্তন অভিযন্ত্ৰা ক্ষীৰোদ হাজৰীকা,প্ৰাক্তন শিক্ষক বিনোদ হাজৰীকা,শিক্ষক ক্ষীৰোদ গগৈক সভাত মনোনিত কৰা হয়।
আৰু পঢ়ক: প্ৰয়াস অধ্যয়ন চক্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি…