/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/margherita.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা- উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী সকলৰ ৰংঘৰ স্বৰূপ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ মৌজাৰ সমগ্ৰ চেমা নগা সকলে প্ৰতিবছৰে ৮ জুলাই দিনটোত তুলুনী উৎসৱৰ পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি আহিছে।
টিৰাপ মৌজাৰ চেমা নগাসকলে এই পৰম্পৰা অটুত ৰাখি লেখাপানীৰ শালেকী চেমা নগা গাঁৱত শুকুৰবাৰে তুলুনী উৎসৱ অতি উলহ মালহেৰে পালন কৰে ।উৎসৱটিত মুখ্য অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ বিধান সভাৰ উপাধ্যক্ষ টেচাম পংটে আৰু মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম উপস্থিত থাকি চেমা ভাষা সংস্কৃতিৰ ওপৰত বক্তব্য দাঙি ধৰে ।
আজিৰ এই উৎসৱৰ দিনটোতে চেমা গাঁওখনত আনন্দ উলাহেৰে ভৰি পৰে। পুৱাই পতকা উত্তোলনেৰে উৎসৱৰ শুভাৰম্ভ কৰা হয়। তুলুনী চেমা জনগোষ্ঠীৰ এক কৃষিভিত্তিক জাতীয় উৎসৱ। জুলাই মাহত ঝুম খেতি ডৰাত ধানৰ থোক ধৰিবলৈ আৰম্ভ কৰে। এই সময়তে তুলুনী উৎসৱ অতি উলহ মালহেৰে পালন কৰে। পৰম্পৰাগত এই উৎসৱৰ মাজেদি চেমাসকলে শস্যৰে নদন-বদন হৈ উঠাৰ কামনা কৰে। এই পৰিবেশত গীত-নৃত্য কৰে।
পানীয় 'লাওপানী'ৰ পয়োভৰ, গাহৰি মাংসৰ জুতি লৈ উৎসৱৰ সময়ত মতলীয়া হয় চেমা নগা সকল। এই উৎসৱৰ সময়তে ভাবী জোঁৱায়েকক মাতি এসাঁজ ভাত খুওৱাৰ প্ৰথা আছে। জোঁৱাইৰ ঘৰৰ লগত মাংসৰ টোপোলা বিনিময় হয়। এই উৎসৱৰ দিনাই কাৰোবাৰ মাজত মনোমালিন্য থাকিলে পৰস্পৰে এই মনোভাব পৰিহাৰ কৰি একেলগে বহি ভোজ খাই মিলা-প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। তুলুনী উৎসৱে এনেদৰে ভাতৃত্বৰ এনাজৰী সুদৃঢ় কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি চেমা নগা সকলৰ যুৱ নেতা কাষ্ট চেমাই সংবাদ মাধ্যমক জানিবলৈ দিছে।
আৰু পঢ়ক: AIIMS ৰ পৰা স্নাতকোত্তৰ লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়ংকাই…