ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

author-image
asomiyapratidin
New Update
ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ৫ ছেপ্তেম্বৰত সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ লগত সংগতি ৫ ছেপ্তেম্বৰৰ দিনটোত ভাৰত চৰকাৰে কৃত্তি শিক্ষক -শিক্ষয়ত্ৰী সকলক বিশেষ সন্মানেৰে সন্মানিত কৰি সম্বৰ্ধনা জনাই আহিছে৷ এইবছৰ মাৰ্ঘেৰিটা মহকুমাৰ ১ নং আলুবাৰীস্থিত প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী অৰ্চনা বৰুৱাই এই বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৭৫ চনতে প্ৰাদেশীকৃত হোৱা আলুবাৰীস্থিত প্ৰাৰ্থমিক বিদ্যালয়ত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ অৰ্চনা বৰুৱাই মানস সম্পদ গড় দিয়াত অহোপুৰুষাৰ্থ কৰি আহিছে৷ এইবাৰ শিক্ষয়ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় পুৰষ্কাৰে সন্মানিত হোৱাৰ কথা জানিব পাৰি উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজ৷ অহা ১ চেপ্তেম্বৰত এই বঁটা গ্ৰহণ কৰিবৰ বাবে শিক্ষয়ত্ৰী গৰাকী দিল্লীলৈ ৰাওনা হ'ব৷ আছুকে ধৰি বিভিন্ন অ-ৰাজনৈতিক দল-সংগঠন সমূহে শিক্ষয়ত্ৰী গৰাকীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷