/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e49025c7-3d3e-4846-90f4-c2b3c5161e71/Margherita.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, মাকুম পথাৰ এম.ই স্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰবন্ধকাৰ, মাৰ্ঘেৰিটা ১নং মাকুম পথাৰ গাঁৱৰ নিবাসী ধৰ্মেশ্বৰ চেতিয়াৰ(৮২) বুধবাৰে পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়।
অতি অমায়িক-সৰবৰহী চেতিয়াৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰে। তেখেতৰ বিয়োগত বৰগোলাই শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, লিডু শাখা সাহিত্য সভা, তিনিচুকীয়া সাহিত্য সভাৰ সভাপতি মোহন মৰাণ, মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মানস প্রতিম গগৈ আদি বিভিন্ন অনুষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । ৮২ বছৰীয়া চেতিয়াদেৱে মৃত্যুৰ সময়ত পত্নী পাঁচ গৰাকী কন্যা আৰু এটি পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।
Also Read: শিক্ষাবিদ হৰেশ্বৰ গোস্বামীক সুঁৱৰিলে নগঞা ৰাইজে...