ড্ৰাগছ প্ৰচলন বন্ধৰ দাবীত বৰডুমচাত প্ৰতিবাদ, উত্তাল থানা চৌহদ…

ড্ৰাগছ প্ৰচলন বন্ধৰ দাবীত বৰডুমচাত প্ৰতিবাদ, উত্তাল থানা চৌহদ…

author-image
asomiyapratidin
New Update
ড্ৰাগছ প্ৰচলন বন্ধৰ দাবীত বৰডুমচাত প্ৰতিবাদ, উত্তাল থানা চৌহদ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমাৱৰ্তী বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চল সমূহত মাৰাত্মক ড্ৰাগছ প্ৰচলনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ। ড্ৰাগছৰ কৱলত ইতিমধ্যে স্থানীয় বহু নবপ্ৰজন্মৰ যুৱক কৰাল গ্ৰাসত সোমাই পৰা পৰিলক্ষিত হৈছে।

Advertisment

ৰাজ্যত বৰ্তমানো অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । প্ৰতিদিনে আৰক্ষীয়ে আটক কৰিছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে বহু সেৱনকাৰীক। ইয়াৰ পাছতো একাংশ অসাধু ব্যক্তিয়ে গাঁও, চহৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখা পৰিলক্ষিত হৈছে। নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত শুকুৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে বৰডুমচা অঞ্চলৰ শতাধিক ৰাইজৰ সহযোগত পদযাত্ৰা কৰি বৰডুমচা থানা ঘেৰাও কৰে ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰী ৰাইজে মাৰাত্মক নিচাযুক্ত দ্ৰব্য যেনে ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ বাবে পূৰ্বৰে পৰাই আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নহ'ল উক্ত অঞ্চলসমূহত। যাৰ পৰিণতিত কিছুদিনৰ আগতে তিনিচুকীয়া জিলাৰ টেকেৰি গাঁৱৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয়।

পেঙেৰী, বৰডুমচা আদিৰ দৰে অঞ্চলত দৈনিক অবাধ নিচাজাতীয় দ্ৰব্য প্ৰচলনে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিছে। নিচাজাতীয় দ্ৰব্য প্ৰচলনে নৱ প্ৰজন্মলৈ নামি আহিছে অশনি সংকেত। নিচাজাতীয় দ্ৰব্য প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ দাবীত বৰডুমচা থানা ঘেৰাও কৰি আৰক্ষী বিৰোধী শ্লগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

বৰডুমচা আৰক্ষীয়ে অতিশীঘ্ৰে নিচাজাতীয় দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ নোৱাৰিলে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে। অন্যহাতে আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদকৰাৰ পাছত আৰক্ষীয়ে অবৈধ্য ড্ৰাগছ বেহা বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ'ব।

assam himanta biswa sarma Assam police