টিপঙত দুৰ্বৃত্তৰ শূণ্যলৈ গুলিচালনা...

দুই ৰাউণ্ড গুলিচালনা কৰি এখন দোকান, এখন মটৰ চাইকেল ক্ষতিগ্ৰস্ত কৰাৰ লগতে এগৰাকী যুৱকক আক্ৰমণ কৰি পলায়ন কৰে দুৰ্বৃত্তই

author-image
Asomiya Pratidin
New Update
টিপঙত দুৰ্বৃত্তৰ শূণ্যলৈ গুলিচালনা...

margherita firing

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং কলিয়ৰীৰ চালী নামৰ ঠাইত নিশা গুলিচালনা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখত কলা কাপোৰ মাৰি অহা দুৰ্বৃত্তই সংঘটিত কৰিছিল এই গুলীচালনাৰ ঘটনা। দুই ৰাউণ্ড গুলিচালনা কৰি এখন দোকান, এখন মটৰ চাইকেল ক্ষতিগ্ৰস্ত কৰাৰ লগতে এগৰাকী যুৱকক আক্ৰমণ কৰি পলায়ন কৰে দুৰ্বৃত্তই ।

Advertisment

উল্লেখ্য যে দুৰ্বৃত্তই প্ৰথমে চালিত অৱস্থিত গেলামাল দোকানখনৰ সন্মুখত উপস্থিত হৈয়ে শূণ্যলৈ এক জাই গুলি চলায়। তাৰ পাছত ৰবি কুমাৰ শ্বাহ নামৰ লোকজনৰ গেলামাল দোকানত উপস্থিত হৈ দোকানী ৰবি কুমাৰ শ্বাহক মূৰত বন্দুক লগাই দোকান সোনকালে বন্ধ কৰাৰ ভাবুকি দিয়ে। আৰু দুৰ্বৃত্তই তেখেতৰ দোকানৰ কিছু আচবাব ক্ষতি কৰে ।

তেনে সময়তে দোকানখনৰ কাষতে লাগি থকা নিবাসী ৰিনা দেৱী নামৰ মহিলা গৰাকীৰ সৈতে পৰিয়ালটো ঘটনাৰ বুজ ল'বলৈ বুলি ততাতৈয়াকৈ দোকানখনত উপস্থিত হয়। পৰিয়ালটো উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে যুৱক জনে আটাইকেইজনকে খেদি নি বাসগৃহটোত বন্দী কৰি থৈ বাহিৰলৈ ওলাই নহাৰ ভাবুকি দিয়ে। তাৰ পাছতেই বন্দুক ধাৰী যুৱকজনে দোকানৰ সন্মুখত ৰখাই থোৱা তিনিখন মটৰ চাইকেলত গুৰ মাৰি ক্ষতি সাধন কৰে।

লগতে উক্ত স্থানত ৰৈ থকা কৃষ্ণ ৰাজপুত আৰু দীপক থাপা নামৰ লোক দুজনক পিষ্টলৰ গাদীৰে প্ৰহাৰ কৰে। লগে লগে আটাইকেইজন লোক তাৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰে। শেষত যুৱকজনে পুনৰ এজাই শূণ্যলৈ গুলি চালনা কৰি ফিনবিৰু গাঁওৰ দিশে আঁতৰি যায়।

নিশা ঘটনাস্থলীত লেখাপানী আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দল উপস্থিত হয় যদিও মুখত মাক্স পৰিধান কৰি অহা বন্দুক ধাৰী যুৱকজনৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান উক্ত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত এক চেপা উত্তেজনা বিৰাজ কৰি আছে।

assam MARGHERITA firing