মাৰ্ঘেৰিটাস্থিত মৌচুমী বুক এজেঞ্চিৰ স্বত্বাধিকাৰীৰ মৃত্যু...

মৌচুমি বুক এজেঞ্চিৰ মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিস্থিত কাকত এজেঞ্চিৰ স্বতাধিকাৰী মণিমুগ্ধ শৰ্মাৰ সোমবাৰে বিয়লি নিজা বাসগৃহত মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাস্থিত মৌচুমী বুক এজেঞ্চিৰ  স্বত্বাধিকাৰীৰ মৃত্যু...

margherita

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ- মাৰ্ঘেৰিটাৰ প্ৰয়াত সাংবাদিক পেন্সনাৰ, দিহিংপৰিয়া কবি গকুল শৰ্মাৰ একমাত্ৰ পুত্ৰ তথা মাৰ্ঘেৰিটাস্থিত মৌচুমী বুক এজেঞ্চিৰ মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিস্থিত কাকত এজেঞ্চিৰ স্বতাধিকাৰী মণিমুগ্ধ শৰ্মাৰ সোমবাৰে বিয়লি নিজা বাসগৃহত মৃত্যু হয়।

মণিমুগ্ধই দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত কাৰণত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল যদিও আজি স্বাস্থ্যৰ অধিক অৱনতি ঘটাত মাকুম পথাৰস্থিত নিজা গৃহতেই অবিবাহিত শৰ্মাই ইহসংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেঁ‌ও মাতৃক এৰি থৈ যায়। শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

assam MARGHERITA death