চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যুক সাৱতিলে এটি নৱজাতকে…

চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যুক সাৱতিলে এটি নৱজাতকে…

author-image
asomiyapratidin
New Update
চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যুক সাৱতিলে এটি নৱজাতকে…

প্ৰতিদিন ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত পুনৰ অঘটন। চিকিৎসকৰ গাফিলতিৰ বাবে চিকিৎসালয়খনত পুনৰ কৰুণ ভাবে মৃত্যুক সাৱতিলে এটি নৱজাতকে। উল্লেখ্য যে, মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চলিত মাহৰ ৩ তাৰিখে এগৰাকী নাৰ্চৰ গাফিলতিৰ বাবে এটি নৱজাতক মৃত্যু হোৱাৰ পিছতে শুকুৰবাৰে পুনৰ দুগৰাকী কৈ চিকিৎসকৰ গাফিলতি তথা অমনোযোগিতাৰ বাবে পুনৰ এটি নৱজাতকৰ মৃত্যু হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

তথ্য অনুসৰি, লেখাপানী থানাৰ অন্তৰ্গত খাৰাংকং গাঁ‌ৱৰ নিবাসী দীপ লিকচনৰ পত্নী অঞ্জু ৰাজখোৱা লিকচনক প্ৰসৱজনিত বেদনাৰ বাবে কালি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে কালি ভৰ্তি কৰোৱাৰ পিছতে প্ৰসূতিগৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ পিছত পৰিয়ালৰ লোকে ডিব্ৰুগড়লৈ নিবলৈ চিকিৎসকৰ পৰা অনুমতি বিছাৰিছিল যদিও ডাক্তৰ শশীন্দ্ৰ বৰ্মণে নিবলৈ অনুমতি প্ৰদান নকৰিলে।

অৱশ্যে শুকুৰবাৰে পুৱা এটি নৱজাতক জন্ম দিয়াৰ কিছু সময়ৰ পাছতেই শিশুটিৰ মৃত্যু হয়। জৰুৰীকালিন প্ৰসূতি চিকিৎসক ডাঃ ৰাজেশ গুপ্তা কৰ্তব্যৰত অৱস্থাত থকাৰ পিছতো চিকিৎসালয়ত নথকাৰ অভিযোগ উঠিছে। যাৰ বাবে ডাক্তৰ বৰ্মণ আৰু ডাঃ গুপ্তাৰ হেমাহিৰ বাবেই নৱজাতকটি মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে-ডাঃ গুপ্তাই প্ৰত্যেক গৰাকী প্ৰসূতিৰ পৰা এটা পাঁ‌চ হাজাৰ টকীয়া ইনজেকচন দিয়াৰ নামত ধন সৰকোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

মাতৃ অঞ্জু ৰাজখোৱা লিকচনৰ স্বাস্থ্য অৱনতি ঘটাত ডিব্ৰুগড়লৈ প্ৰেৰণৰ বাবে চিকিৎসকে পৰাৰ্মশ দিছে। ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এটা দল চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসকে কৰা গাফিলতিৰ উচিত তদন্তৰ দাবী জনাইছে।

উল্লেখ যে, কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত এগৰাকী নাৰ্চ আৰু চিকিৎসক গুপ্তাৰ গাফিলতিৰ ফলত এটি নৱজাতকৰ মৃত্যু হোৱাৰ বাতৰিৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ শুকুৰবাৰে এইদৰে শিশুৰ মৃত্যুৰ খবৰে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে চাঞ্চল্য সৃষ্টি কৰিছে।

মানৱ সেৱাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত হৈ আচলতে মানৱ জীৱনক লৈ খেল খেলা এই সকল চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী কিম্বা মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষ্যণীয়। উল্লেখ যে ডাক্তৰ গুপ্তাই প্ৰায় সংখ্যক প্ৰসূতিৰ ৰোগীৰ পৰা ধন দাবী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত স্বাস্থ্য বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।

assam himanta biswa sarma