উৎকোচ দিবলৈ আহি ৰঙাঘৰৰ আলহী ডিগবৈৰ কংগ্ৰেছী নেতা বসন্ত প্ৰধান

উৎকোচ দিবলৈ আহি ৰঙাঘৰৰ আলহী ডিগবৈৰ কংগ্ৰেছী নেতা বসন্ত প্ৰধান

author-image
asomiyapratidin
New Update
উৎকোচ দিবলৈ আহি ৰঙাঘৰৰ আলহী ডিগবৈৰ কংগ্ৰেছী নেতা বসন্ত প্ৰধান

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা- মাৰ্ঘেৰিটা মহকুমাধিপতিৰ বাসভৱনত ৰাজহ কামৰ বিনিময়ত উৎকোছ দিবলৈ আহি এজন লোক ৰঙাঘৰৰ আলহি হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমৰ অভিযোগৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বসন্ত প্ৰধান নামৰ লোকজনক শনিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Advertisment

ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে, ১৭ জুনৰ পূৱা প্ৰায় ৯ মান বজাত মাৰ্ঘেৰিটা মহকুমাধিপতি বাসভৱলৈ ডিগবৈৰ কংগ্ৰেছী নেতা ভাস্কৰ জীৱন বৰুৱা আৰু কংগ্ৰেছ নেতা বসন্ত প্ৰধানে ৰাজহ সংক্ৰান্তিয় কামত আহে। নেতা দ্বয়ে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমৰ লগত কথা বতৰা পতাৰ পিছত ৰাজহ সম্পৰ্কীয় এখন আবেদন দিয়ে। আৰু বিষয়া গৰাকীয়েও আবেদন খন গ্ৰহণ কৰি কাম কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।

তাৰপিছতে ভাস্কৰ জীৱন বৰুৱা বাস ভৱনৰ কক্ষৰ পৰা ওলাই যোৱাৰ পিছতেই বসন্ত প্ৰধান নামৰ লোকজনে বিষয়া জনক ধনৰ উৎকোছ দিবলৈ লওতেই বিষয়া জন খৰ্গহস্ত হৈ পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা থানাত অভিযোগ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তিতে মাৰ্ঘেৰিটা আৰক্ষীয়ে বসন প্ৰধানক " 8 of PC act" ৰ অধীনত ১৬৮/২০২২ নম্বৰ গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰোৱাই বিয়লী জেল হাজোতলৈ প্ৰেৰণ কৰে । স

মগ্ৰ ঘটনাই মাৰ্ঘেৰিটা মহকুমাত চেপা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ যে বসন্ত প্ৰধান ডিগবৈ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ হোৱাৰ লগতে বৰ্তমানৰ ডিগবৈ ১নং ৱাৰ্ড কমিছনাৰ নিৰু লামা প্ৰধানৰ স্বামী। অন্যহাতে ধৃত বসন্ত প্ৰধান আজি সাংবাদিকৰ মুখামুখি হওতেই সমগ্ৰ ঘটনা ভুল বুজা বুজিৰ বাবে সংঘটিত হ'ল বুলি উল্লেখ কৰাৰ বিপৰীতে মহকুমাধিপতি প্ৰলাশ ৰাজকুমা আহোমে সংবাদমাধ্যমৰ আগত কয় যে দুৰ্নীতি তেখেতে কেতিয়া প্ৰশ্চয় দিয়া নাই আৰু ভৱিষ্যতো নিদিয়ে।

আৰু পঢ়ক: নাৰায়ণপুৰত তিনি প্ৰৱঞ্চকক আটক…

assam MARGHERITA