/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/margherita-1.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : তিনিচুকীয়া জিলাৰ অন্তৰ্গত বৰগোলাই শাখা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এক গ্রন্থ উন্মোচনী অনুষ্ঠান। বৰগোলাই শাখা সাহিত্য সভাৰ সভাপতি ভানু চক্ৰৱৰ্তীৰ পৌৰাহিত্যত বৰগোলাই আদৰ্শ হিন্দী বিদ্যালয়ত অনুষ্ঠিত হয় উন্মোচনী অনুষ্ঠান । শাখাৰ সম্পাদক সমীৰণ বৰঠাকুৰে উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কবি, প্রৱন্ধকাৰ গল্পকাৰ গীতা শৰ্মা বৰদলৈৰ গল্প সংকলন "প্রাচীৰ ভাঙি" উন্মোচন কৰে বিশিষ্ট কবি, ঔপন্যাসিক ড০ ৰনজিত দত্তই ।
ভাষণ প্রসংগত ড০ দত্তই বৰগোলাই শাখা সাহিত্যৰ পদক্ষেপক শলাগ লোৱাৰ লগতে শাখা সভা সমূহে শাখাৰ মুখপাত্র আৰু অন্যান্য গ্রন্থ প্রকাশত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে | প্রবীৰ জ্যোতি বৰা, ডিম্পী বৈশ্য, ৰুক্মিনী হালৈ, উত্তৰা বৰুৱা, গীতা শৰ্মা, যোগেশ বিকাশ গগৈ, মনজিত ৰাজখোৱা, আদি বহু কেইগৰাকী কবিয়ে কৰা স্ব-ৰচিত কবিতা পাঠ আৰু নৃত্য শিল্পী সম্প্রীতি বৰঠাকুৰে পৰিবেশন কৰা নৃত্যই অনুষ্ঠানটি মনোগ্রাহী কৰি তোলে।
অনুষ্ঠানত সদৌ অসম প্রাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্রীয় উপ সভাপতি উৎপল কোঁৱৰ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ ৰুণজুন শইকীয়া, সমাজ কৰ্মী ডি.বি.সোণাৰ, অশোক আগৰৱালা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি ৰাম প্রসাদ আম্বেদকাৰ, আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েে অংশ গ্রহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us