নাওত উঠাৰ সময়তে নদীত পৰিল গাড়ী সহ চালক, এতিয়াও নাই কোনো খবৰ…

নাওত উঠাৰ সময়তে নদীত পৰিল গাড়ী সহ চালক, এতিয়াও নাই কোনো খবৰ…

author-image
asomiyapratidin
New Update
নাওত উঠাৰ সময়তে নদীত পৰিল গাড়ী সহ চালক, এতিয়াও নাই কোনো খবৰ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ঘাটত সোমবাৰে সংঘটিত হয় এক নাও দুৰ্ঘটনা । দুৰ্ঘটনাত এজন প্ৰাক্তন সেনা কিৰণ থাপা নামৰ লোকজন সন্ধানহীন হয়।

প্ৰাপ্ত খবৰ অনুসৰি কিৰণ থাপাই জীয়েক আৰু নাতিনীয়েকৰ সৈতে এখন এ এচ ২৩ জেদ ১২৯২ নম্বৰৰ আই টুৱেন্টী গাড়ীৰে ঘৰলৈ বুলি জাগুনৰ পৰা জাগুনৰ দিহিং নদী অৰুনাচল ঘাটত উপস্থিত হয় । তেঁও গাড়ীখন নাওত উঠাওতে হঠাৎ এস্কচেলেটৰ বেছিকৈ দিয়াত গাড়ীখনে তীব্ৰ গতিৰে নাৱত থকা এখন গ্লেমাৰ বাইক মহতিয়াই দিহিং নদীত পৰে ।

ইয়াৰ পিছতে নাৱৰ যাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে । কিন্তু তাৎক্ষনিক ভাৱে স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰায় ৩০০ মিটাৰ আঁতৰত গাড়ীখন উদ্ধাৰ কৰে । কিন্তু দুৰ্ভাগ্য বশত ৫৫ বছৰীয়া কিৰণ থাপা গাড়ীৰ পৰা ওলাই যায়। বৰ্ত্তমানেও কিৰণ থাপাৰ সন্ধান নোপোৱাৰ লগতে বাইকখনো উদ্ধাৰ কৰিব পৰা নাই ।

সৌভাগ ক্ৰমে গাড়ীৰ পৰা নামি থকাত কিৰণ থাপাৰ জীয়ৰী নাতিনীৰ প্ৰাণ ৰক্ষা পৰে । কিৰণ থাপাৰ ঘৰ জাগুন কঠাচেমা গাঁৱত। ইফালে ছাএ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাটো বাবে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চৰকাৰৰ গাফিলাতিৰ বাবেই এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্ত আৰু সাধাৰণ সম্পাদক ৰাহুল ছেএীয়ে।

দুৰ্ঘটনা সংঘটিত স্থানত এখন দলং নিৰ্মাণৰ দাবী ছাত্ৰ মুক্তিয়ে দীৰ্ঘদিন ধৰি জনাই আহিছে যদিও এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈছে। সংগঠনটোৱে সন্ধানহীন কিৰণ থাপাৰ ক্ষতিপূৰণ পৰিয়ালবগক দিবলৈ দাবী জনাইছে। অন্যহাতে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমা নদ নদী সমূহত বানপানীৰ প্ৰতি লক্ষ্য ৰাখি যন্ত্ৰ চালিত নাও, হাত নাও আদি চলাচল বন্ধ ৰাখিবলৈ মহকুমা প্ৰশাসনে জাননী জাৰি কৰিছিল যদিও এইক্ষেত্ৰত নাও চালক সকলে প্ৰশাসনক অংগুষ্ঠ পৰ্দশন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

আৰু পঢ়ক: সুৰাৰ ৰাগীত মাতাল হৈ বিদ্যালয়লৈ অহা শিক্ষকক নিলম্বন…

assam tinsukia