কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগীতা সম্পন্ন...

বকোৰ ছানিদুল ইছলাম শ্ৰেষ্ঠ

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগীতা সম্পন্ন...

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰত অসমৰ ক্ৰীড়া জগতৰ অন‍্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ ৩৪ সংখ্যক "কলিয়া ভোমোৰা মাৰাথন দৌৰ" প্ৰতিযোগিতা সম্পন্ন। মাধ্যম আন্দোলনৰ পঞ্চমগৰাকী শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো সদৌ অসম ভিত্তিত আয়োজন কৰে কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ।

মঙলবাৰে পুৱা কলিয়াবৰৰ কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হোৱা প্ৰায় ৩৫ কিঃমিঃ দূৰত্বৰ এই প্ৰতিযোগিতাখন উদ্বপধন কৰে মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান দখল কৰে যথাক্ৰমে- বকোৰ ছানিদুল ইছলাম, গহপুৰৰ বিজন্ত খাড়ীয়া আৰু গোলাঘাটৰ তৃষেশ্বৰ কুৰ্মীয়ে।

Kaliabar assam