
ডিজিটেল ডেস্কঃ চিকিৎসকৰ নাটনি মৰাণ ৰাজ্যিক চিকিৎসালয়ত। পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নোহোৱাৰ বাবে চিকিৎসালয়খনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত ২৪*৭ সেৱা আগবাঢ়াই নিয়াত অসুবিধাৰ সৃষ্টি হৈছে।
ইয়াৰ পৰিপ্ৰেক্ষিততে চিকিৎসালয়খনে উৰ্ধতম কৰ্তৃপক্ষপৰ নিৰ্দেশ মৰ্মে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিকিৎসালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি ১ আগষ্ট. ২০২৩ৰ পৰা মৰাণ ৰাজ্যিক চিকিৎসালয়ত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কেৱল বহিঃ বিভাগহে খোলা থাকিব। আনহাতে ২ বজাৰ পাছত কেৱল অত্যাৱশ্যকীয় প্ৰসৱ সেৱাহে উপলব্ধ থাকিব বুলি জননীত উল্লেখ কৰিছে।