MVI লাগে ৬০ জন, আছে মাত্ৰ ২৭জন: নগাঁৱতে তিনিটাকৈ পদ খালী…

MVI লাগে ৬০ জন, আছে মাত্ৰ ২৭জন: নগাঁৱতে তিনিটাকৈ পদ খালী…

author-image
asomiyapratidin
New Update
MVI লাগে ৬০ জন, আছে মাত্ৰ ২৭জন: নগাঁৱতে তিনিটাকৈ পদ খালী…

ডিজিটেল সংবাদ নগাঁও : পৰিবহন বিভাগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়সমূহত থকা গুৰুত্বপূৰ্ণ পদসমূহৰ অন্যতম পদ এটি হৈছে এম ভি আই (Motor vehicle Inspector)।ৰাজ্যখনত পৰিবহন বিভাগৰ অনুমোদিত এম ভি আই পদৰ সংখ্যা হৈছে মুঠ ৬০টা।

কিন্তু বৰ্তমান ৰাজ্যখনৰ বিভিন্ন জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত আছে মাথো ২৭জন এম ভি আই। বছৰ বছৰ ধৰি খালি হৈ আছে ৩৩টা এম ভি আই পদ। এই এম ভি আইৰ পদসমূহ খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত একোজন এম ভি আয়েই তিনি -চাৰিখনকৈ জিলাত এম ভি আই পদৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিব লগা হৈছে।

যাৰ বাবে সংশ্লিষ্ট এম ভি আইসকল বেচ উপকৃত হৈছে যদিও সৰ্বসাধাৰণ ৰাইজ প্ৰকৃত সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত যিটো কাম এদিন বা দুদিনৰ ভিতৰতে সম্পাদন হ'ব লাগিছিল তেনে এটা কাম সম্পন্ন হওঁতে এতিয়া এক-দুই মাহ পৰ্যন্ত সময় লগা হৈছে। ফলত ৰাইজে চৰম দুৰ্ভোগ ভুগিব লগা হৈছে।

নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এম ভি আইৰ পদ আছে চাৰিটা। কিন্তু বৰ্তমান কাৰ্যালয়টোত মাত্ৰ এজন এম ভি আইয়ে কাৰ্যনিৰ্বাহ কৰি থকা পৰিলক্ষিত হৈছে। তাৰোপৰি এই এম ভি আই জনে গুৱাহাটীৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰো দায়িত্বত আছে ৷

জিলাখনত সুদীৰ্ঘ দিন ধৰি খালী হৈ আছে তিনিটাকৈ এম ভি আইৰ পদ।জিলাখনত মাত্ৰ এজন এম ভি আইয়ে কাৰ্যনিৰ্বাহ কৰি থাকিবলগীয়া হোৱাত ৰাইজেও প্ৰকৃত সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

একেদৰে ৰাজ্যখনৰ বিভিন্ন জিলাত থকা জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়সমূহত তিনি -চাৰিটা পৰ্যন্ত এম ভি আই পদ খালী হৈ আছে। ড্ৰাইভিং লাইচেন্সৰ আবেদনকাৰীসকলৰ প্ৰেকটিকেল পৰীক্ষা লোৱা,ব্যৱসায়িক যান -বাহনৰ সক্ষমতা পৰীক্ষা কৰি সক্ষমতাৰ প্ৰমাণপত্ৰ দিয়া, দুৰ্ঘটনাত পতিত যান বাহন প্ৰত্যক্ষ কৰি প্ৰতিবেদন দিয়াৰ উপৰিও যান -বাহনৰ চালকে গাড়ী চলাওঁতে সঠিকভাৱে যান বাহন আইন মানি চলিছেনে নাই এই বিষয়টোও তন্ন তন্নকৈ নিৰীক্ষণ কৰিব লাগে এম ভি আইসকলে ।

এম ভি আইৰ অভাৱত একোজন এম ভি আইয়ে তিনি, চাৰিটাকৈ এম ভি আই পদত কাৰ্যনিৰ্বাহ কৰি থাকিবলগীয়া হৈছে সেয়েহে এই কামসমূহো তেওঁ লোকে সঠিকভাৱে সম্পাদন কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে এম ভি আইৰ অভাৱত একোজন এম ভি আইয়েই তিনি চাৰিটাকৈ পদত কাৰ্যনিৰ্বাহ কৰি থাকিবলগীয়া হোৱাত একাংশ অৰ্থলিপ্সু, দুৰ্নীতিগ্ৰস্ত এম ভি আই যথেষ্ট উপকৃত হোৱা বুলি সংশ্লিষ্ট কাৰ্যালয়ৰ ভিতৰতে চৰ্চা হৈছে।