নিৰুদ্দেশৰ ১১দিন পিচত উদ্ধাৰ চাংসাৰিৰ মনোৱাৰ আলীৰ মৃতদেহ

নিৰুদ্দেশৰ ১১দিন পিচত উদ্ধাৰ চাংসাৰিৰ মনোৱাৰ আলীৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
নিৰুদ্দেশৰ ১১দিন পিচত উদ্ধাৰ চাংসাৰিৰ মনোৱাৰ আলীৰ মৃতদেহ

ডিজিটেল সংবাদ,দুমুনিচকী : বিগত ১১ দিনে নিৰুদ্দেশ হৈ থকা কামৰূপ জিলাৰ জলাহ নিবাসী মনোৱাৰ আলীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হয়। হাজো আৰক্ষী থানাৰ অন্তৰ্গত দীঘলি বিলৰ পানীত ওপঙি থকা অৱস্থাত উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰা হয়।

Advertisment

পিন্ধি থকা লংপেন্ট আৰু শৰীৰৰ কিছু অংশ প্ৰত্যক্ষ কৰি পত্নী তথা পৰিয়ালৰ লোকে চিনাক্ত কৰে উৱলি যোৱা মৃতদেহটো। মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি পৰিয়ালক গতাই দিয়ে।

উল্লেখ্য যে, কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত যোৱা ১১ জুলাইত সংঘটিত হৈছিল এক ম'বাইল চুৰিৰ ঘটনা। ম'বাইল চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত কৰা হয় চাংসাৰিৰ ৰুবুল নাথ আৰু জলাহৰ মনোৱাৰ আলী নামৰ দুজন যুৱকক।

মনোৱাৰ আলী
মনোৱাৰ আলী

অভিযুক্ত দুই যুৱকক ১১ জুলাইৰ নিশা আৰক্ষীক গতোৱাৰ পৰিৱৰ্তে ৰুদ্ৰেশ্বৰত উন্মাদৰ দৰে জপিয়াই পৰি দুই অভিযুক্তক আক্ৰমণ কৰে একাংশ বৰ্বৰ লোকে। নিশা ৰুবুল নাথ নামৰ অভিযুক্তজনক উত্তৰ গুৱাহাটী আৰক্ষীয়ে মৰেল পুলিচৰ কবলৰ পৰা উদ্ধাৰ কৰে যদিও নিজৰ প্ৰাণ বচাবলৈ মনোৱাৰ আলীয়ে ওচৰৰ পিতনিৰে পলায়ন কৰা বুলি জানিবলৈ দিয়ে।

ফলত এচ ডি আৰ এফৰ সহায়ত অভিযান চলোৱা হয় যদিও উত্তৰ গুৱাহাটী আৰক্ষীয়ে মনোৱাৰৰ কোনো শুংসূত্ৰ লাভ কৰিব সক্ষম হোৱা নাছিল। মৰিয়াই হত্যা কৰাৰ অভিযোগত মৰেল পুলিচৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে নিৰুদ্দেশ হৈ থকা মনোৱাৰৰ পৰিয়ালে।

কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চাংসাৰি আৰু উত্তৰ গুৱাহাটী আৰক্ষীয়ে বিষয় সন্দৰ্ভত গ্ৰহণ কৰা হেমাহিৰ বাবেই বিগত ১১জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা মনোৱাৰৰ মৃতদেহ সুদীৰ্ঘ ১১ দিনৰ পিছত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হ'বলৈ পালে।

ফলত ক্ষোভত ফাটি পৰা পৰিয়াল তথা জলাহ অঞ্চলৰ লোকে শনিবাৰে নিশা চাংসাৰি আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উত্তেজিত ২ শতাধিক পুৰুষ মহিলাই এম্বুলেন্সত মৃতদেহ লৈ চাংসাৰি আৰক্ষী থানা ঘেৰাও কৰি মৰেল পুলিচক আটক কৰাৰ দাবী উত্থাপন কৰে। অন্যথা মৃতদেহ থানাত থৈ যোৱাৰ হুংকাৰ দিয়ে।

উত্তেজিত পুৰুষ-মহিলাই অপৰাধীক আটক কৰাৰ দাবীত আৰক্ষীৰ সৈতে বাক্- বিতণ্ডাত লিপ্ত হৈ পৰিবেশ উত্তাল কৰি তোলে। অৱশেষত আৰক্ষী, চক্ৰ বিষয়াৰ লগতে প্ৰতিবাদস্থলীত উপস্থিত থকা আন বিষয়াই ৪৮ ঘণ্টাৰ ভিতৰত মাৰেল পুলিচক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিৱেশ স্বাভাৱিক হয়।

উত্তেজিত লোকে ৪৮ ঘণ্টাৰ ভিতৰত এজাহাৰত উল্লেখ কৰা অভিযুক্তক আটক নকৰিলে পুনৰ মৃতদেহ থানাত থৈ যোৱাৰ হুংকাৰ দিয়ে।

Also Read: কিমান সুৰক্ষিত নাগৰিক ? ডি আই জিৰ হাতৰ পৰাই কাঢ়ি নিলে মোবাইল ফোন

Assam police CHANGSARI