কিমান সুৰক্ষিত নাগৰিক ? ডি আই জিৰ হাতৰ পৰাই কাঢ়ি নিলে মোবাইল ফোন

কিমান সুৰক্ষিত নাগৰিক ? ডি আই জিৰ হাতৰ পৰাই কাঢ়ি নিলে মোবাইল ফোন

author-image
Asomiya Pratidin
New Update
কিমান সুৰক্ষিত নাগৰিক ? ডি আই জিৰ হাতৰ পৰাই কাঢ়ি নিলে মোবাইল ফোন

ডিজিটেল ডেস্ক : ক্ৰমান্বয়ে গুৱাহাটীত মহানগৰীত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা। সাম্প্ৰতিক সময়ত ঘটি থকা একাংশ ঘটনা-পৰিঘটনাৰ বাবে মহানগৰখনত সাধাৰণ ৰাইজ চলা-ফুৰা কৰাটো চিন্তাৰ কাৰণ হৈ পৰিছে।

Advertisment

সাধাৰণতে নিশাৰ মহানগৰী ভয়াৱহ বুলি বিভিন্ন সময়ত একাংশৰ মাজত চৰ্চিত হয় যদিও দোকমোকালি পুৱাতে সংঘটিত এক ঘটনাই চকু কপালত তোলা অৱস্থাৰ লেখিয়া হৈছে। খোদ শীৰ্ষ আৰক্ষী বিষয়াৰ হাতৰ পৰা অচিনাক্ত দুৰ্বৃত্তই কাঢ়ি নিলে ম'বাইল ফোন।

দেওবাৰে অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ বিষয়া তথা ডি আই জি বিবেকৰাজ সিঙ নামৰ আৰক্ষী বিষয়াগৰাকীৰ হাতৰ পৰা দুৰ্বৃত্তই ম'বাইল ফোনটো কাঢ়ি লৈ যায়। উলুবাৰীৰ মাঝাৰ ৰোডত প্ৰাতঃ ভ্ৰমণৰ বাবে অহাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। অৱশ্যে ঘটনা সন্দৰ্ভত নিমাত অসম আৰক্ষী। বিভাগটোৰ ফপোলা স্বৰূপ ওলাই পৰাৰ ভয়ত উক্ত ঘটনা গোপনে ৰখাৰ চেষ্টা ।

Also Read: বানৰ পিচত স্বাভাৱিক অৱস্থালৈ আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ

Assam police