/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mantu.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা মণ্টু বৰদলৈৰ (৬৫) দেওবাৰে মৃত্যু হয় ৷ বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা বৰদলৈ শেহতীয়া ভাবে গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি পুৱাৰ ভাগত বৰদলৈৰ মৃত্যু হয়।
নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলত ১৯৫৭ চনত জন্মগ্ৰহণ কৰা বৰদলৈয়ে পৰবৰ্তী সময়ত নগাঁও চহৰৰ পানীগাঁৱত স্থায়ীভাৱে থাকিবলৈ লয়।কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগত জৰিত বৰদলৈয়ে অসম আন্দোলনত সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছিল।কলিয়াবৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰা বৰদলৈয়ে কলিয়াবৰ ক্ৰীড়া সন্থা,কলিয়াবৰ হকী সন্থা, মাষ্টাৰ এথেলেটিক্স,কলিয়াবৰ সচেতন আছু মঞ্চ,নগাঁৱৰ জগন্নাথ মন্দিৰ আদি বিভিন্ন সংগঠন,অনুষ্ঠান আদিৰ লগত জৰিত হোৱাৰ লগতে কলিয়াবৰৰ বিভিন্ন সামাজিক ,সাংস্কৃতিক অনুষ্ঠানৰ লগত জৰিত আছিল।
বৰদলৈৰ মৃত্যুত সমগ্র কলিয়াবৰৰ লগতে নগাঁৱতো শোকৰ ছা পৰিছে ।স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত,প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা ,নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্ত,কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি,অগপৰ কলিয়াবৰ বিধান পৰিষদ,কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদ,প্ৰাক্তন আছু সচেতন মঞ্চ, প্ৰাক্তন ছাত্ৰ নেতা কৃষ্ণ শইকীয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কনক হাজৰিকাৰ লগতে বলীন মহন্ত বুবুল বৰা আদিয়ে বৰদলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ শিক্ষয়িত্ৰী পত্নী ,পুত্ৰ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।