আঞ্চলিক সাংবাদিকতাই নিজস্বতা অক্ষুন্ন ৰাখিছে : মনোজ কুমাৰ গোস্বামী

আঞ্চলিক সাংবাদিকতাই নিজস্বতা অক্ষুন্ন ৰাখিছে : মনোজ কুমাৰ গোস্বামী

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত ২৩ টাকৈ সাহিত্য-সামাজিক - শিক্ষানুষ্ঠান আৰু ক্ৰীড়া সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনালে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামীক ৷ বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাবৰ সহযোগত ঐতিহ্যমণ্ডিত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে সাহিত্য অকাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীকলৈ আয়োজন কৰা বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক গৰাকী।

জন্মস্থান নগাৱঁত ২৩ টাকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। তেওঁ কয় যে-' আগতে সাহিত্যই সমাজত প্ৰভাৱ পেলাইছিল। কিন্তু এতিয়া সমাজে সাহিত্যৰ ওপৰত প্ৰভাৱ পেলাই। লগতে সাংবাদিকতা সন্দৰ্ভতো বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।জ্যেষ্ঠ সাংবাদিকজনে কয় যে- ৫০ বছৰ পূৰ্বৰ সাংবাদিকতাতো ভুল ক্ৰুটি আছিল। একেদৰে আজিৰ সাংবাদিকতাতো ভুল ক্ৰুটি আছে।

অৱশ্যে আঞ্চলিক সাংবাদিকতাই নিজস্বতা অক্ষুন্ন ৰাখিছে। বিশিষ্ট সাংবাদিকজনে ইয়াৰ মাজতে অগ্ৰজ সকলে সাংবাদিকতাৰ ভুল ক্ৰুটিবোৰ আঙুলিয়াই আগবঢ়াই নিব লাগিব বুলিও মন্তব্য কৰে।বৰ্তমান নগাঁৱৰ বহু পৰিৱৰ্তন হোৱা বুলিও উল্লেখ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কৰা উন্নয়নমূলক কামৰ প্ৰশংসা কৰে বিশিষ্ট সাংবাদিক জনে।

উল্লেখযোগ্য যে সমাজ-সাহিত্য আৰু সাংবাদিকতা শীৰ্ষক বিষয়ত মনোজ কুমাৰ গোস্বামীয়ে বক্তৃতা প্ৰদান কৰা অনুষ্ঠানটোত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মৃদুল কুমাৰ হাজৰিকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিশিষ্ট সাংবাদিক গৰাকীক সম্বৰ্ধনা জনোৱা অনুষ্ঠান সমূহৰ ভিতৰত হৈছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়,নগাঁও প্ৰেছ ক্লাব,নগাঁও জিলা সাহিত্য সভা,মঞ্চ অন্তৰ,কলংপাৰ কাকত গোষ্ঠী,নগাঁও ক্ৰীড়া সন্থা,নগাঁও ট্ৰাইবেল সংঘ,অসম হকী সন্থা,নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আদি অন্যতম।তদুপৰি বিশিষ্ট সাংবাদিক জনক তেওঁৰ কেইবাজনো সহপাঠীয়ে সম্বৰ্ধনা জনায়।

আঞ্চলিক সাংবাদিকতাই নিজস্বতা অক্ষুন্ন ৰাখিছে : মনোজ কুমাৰ গোস্বামী
মাৰ্ঘেৰিটা কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডত আছে নেকি আন কোনোবা জড়িত?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in