মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ২ বাংলাদেশীক ৫ বছৰৰ কাৰদণ্ড…

মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ২ বাংলাদেশীক ৫ বছৰৰ কাৰদণ্ড…

author-image
asomiyapratidin
New Update
মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ২ বাংলাদেশীক ৫ বছৰৰ কাৰদণ্ড…

ডিজিটেল সংবাদ, মানকাচৰ: দক্ষিণ শালমৰা মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতে দুজন‌ বাংলাদেশৰ নাগৰিকৰ বিৰুদ্ধে বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰে। দুয়োজনৰ বিৰুদ্ধে ৫ বছৰকৈ জে'লৰ লগতে ১০ হাজাৰ টকা জৰিমনা ঘোষণা কৰে। জৰিমনা আদায় নিদিলে অতিৰিক্ত ৬ মাহৰ জেল হ'ব বাংলাদেশী দুজনৰ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ দিনা দক্ষিণ শালমৰা মানকাচৰ জিলা সত্ৰ ন্যায়িক আদালতে দুজন‌ বাংলাদেশৰ নাগৰিকক লৈ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। বাংলাদেশৰ জামালপূৰ জিলাৰ মাথাৰগঞ্জ থানা এলেকাৰ গাঁবেৰ গাঁও গাঁৱৰ ৰঞ্জিত ঘোষৰ পুত্ৰ নিৰঞ্জন ঘোষ ২০২১ চনৰ ২৫ মে তাৰিখে ভাৰত বাংলাদেশ সীমান্তয়েদি মানকাচৰত অনুপ্ৰবেশ কৰি শ্মশান মন্দিৰত আশ্ৰয় গ্ৰহণ কৰিছিল। মানকাচৰ আৰক্ষীয়ে বাংলাদেশী নাগৰিক জনক আটক কৰি শোধ পোচৰ অন্তত ৩৯৫/২১ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি তেওঁক আদালতলৈ প্ৰেৰণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ ধুবুৰী জেলত কাৰাবাস খাটি আছিল।

আনহাতে ২০২১ চনৰ ৬ মাৰ্চ তাৰিখে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ বেহুলাৰচৰ গাঁৱৰ আফছাৰ আলী মণ্ডলৰ পুত্ৰ আব্দুল হাই মণ্ডলকো মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বাংলাদেশৰ নাগৰিক জনে অবৈধ ভাবে ভাৰতত অনুপ্ৰবেশ কৰি মানকাচৰ সীমান্তৰ বেহুলাচৰ গাঁৱত আশ্ৰয় গ্ৰহণ কৰাত মানকাচৰ আৰক্ষীয়ে কৰায়ত্ব কৰি ১৬৩/২১ নম্বৰত এখন গোচৰ পঞ্জীয়ন কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰিছিল।

ইপিনে ‌দীৰ্ঘদিনধৰি আইনী যুঁজৰ অন্তত শনিবাৰে দক্ষিণ শালমৰা মানকাচৰ জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ ছৈয়দ ইমদাদুল ৰহমানে বাংলাদেশী নাগৰিক দুজনৰ বিৰুদ্ধে ৫ বছৰকৈ কাৰাদণ্ড বিহাৰ লগতে দহ হেজাৰকৈ টকা জৰিমনা বিহিছে । দহ হেজাৰ টকা দিব নোৱাৰিলে মহামান্য আদালতে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক : 'কা' আন্দোলনৰ নামত নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীক পণবন্দী নকৰিব : মন্ত্ৰী পীযুষ হাজৰিকা…

assam himanta biswa sarma bjp Assam police