আমাজন, ফ্লিপকাৰ্ডৰ পৰা গ্ৰাহকৰ নামত অহা ৪০ লাখ টকাৰ মোবাইল চুৰি চক্ৰ আৰক্ষীৰ জালত…

আমাজন, ফ্লিপকাৰ্ডৰ পৰা গ্ৰাহকৰ নামত অহা ৪০ লাখ টকাৰ মোবাইল চুৰি চক্ৰ আৰক্ষীৰ জালত…

author-image
asomiyapratidin
New Update
আমাজন, ফ্লিপকাৰ্ডৰ পৰা গ্ৰাহকৰ নামত অহা ৪০ লাখ টকাৰ মোবাইল চুৰি চক্ৰ আৰক্ষীৰ জালত…

ডিজিটেল সংবাদ, মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ দল এটা খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত বিভিন্ন ঠাইত অভিযান চলাই তিনি গৰাকী ই'কমৰ কৰ্মচাৰীৰ লগতে এজন মোবাইলৰ ৰিটেলাৰক গ্ৰেপ্তাৰ কৰি ২০ টা চুৰি মোবাইল উদ্ধাৰ কৰে।

Advertisment

উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিল তাৰিখে ই'কম এক্সপ্ৰেছৰ কলিকতা ৰাজ্যিক প্ৰৱন্ধক অশোক নাৰায়ণ ভোষ খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। প্ৰায় ৪০ লাখ টকা মূল্যৰ মুঠ দুই শতাধিক মোবাইল ফোন চুৰি হোৱা বুলি গোচৰ দাখিল কৰাৰ পাছত খাৰুৱাবান্ধা আৰক্ষীয়ে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৩৭৯/৩৪ আই পি চি ধাৰাৰ অধীনত ১৪৮/২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে।

আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি অৱশেষত যোৱা নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেবাটাও স্থানৰ পৰা ই'কমৰ তিনি গৰাকী কৰ্মচাৰী ( ডেলেভেৰী বয়) গ্ৰেপ্তাৰ কৰাৰ লগতে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা এজন মোবাইলৰ ৰিটেলাৰ গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ২০ টা চুৰি মোবাইল উদ্ধাৰ কৰে।

ধৃত ই'কমৰ কৰ্মচাৰী কেইজন ক্ৰমে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ চিৰঞ্জিত দাস, কালাপানীৰ ৰুবুল ইছলাম আৰু দক্ষিণ শালমাৰা থানা এলেকাৰ মহামায়া নগৰৰ অমিত কুমাৰ সাহা। আনহাতে ধৃত মোবাইল ৰিটেলাৰ জন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানা এলেকাৰ খলিছাভিটা গাঁৱৰ মোকছেদুল ইছলাম। ধৃত মোবাইল চোৰ কেইটাৰ পৰা ইতিমধ্যে ২০ টা মোবাইল জব্দ কৰা হৈছে। উদ্ধাৰ হোৱা মোবাইল কেইটাত মূল্য প্ৰায় চাৰি লাখ টকা হব বুলি ধাৰণা কৰা হৈছে।

মন কৰিবলগীয়া যে ই'কমৰ কৰ্মচাৰী কেইজন আমাজন, ফ্লিপকাৰ্ডৰ জৰিয়তে গ্ৰাহকৰ নামৰ অহা মোবাইল ফোন গ্ৰাহকক যোগান নিদি নিজে পেকেট খুলি মোবাইলটো চুৰি কৰি পেকেটত অন্য বেয়া মোবাইল দি পুনৰ পেকেট কৰি গ্ৰাহকে অৰ্ডাৰ লোৱা নাই বুলি ই'কমলৈ উভতাই পঠায়। আনহাতে ই'কমৰ কৰ্মচাৰী জনে চুৰি কৰা মোবাইলটো ধৃত ৰিটেলাৰ জনৰ ওচৰত বিক্ৰী কৰে।

বিগত কেবা মাহৰ ভিতৰত প্ৰায় ৪০ লাখ টকাৰ দুই শতাধিক মোবাইল এইদৰে হেৰাই যোৱাৰ ফলত ই'কমৰ পৰা গোচৰ দিয়াত অপৰাধী কেইটাক কৰায়ত্ব কৰি ২০ মোবাইল উদ্ধাৰ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে আজি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক: আইচস্ক্ৰীমৰ নামত বৰ বিহ খাইছে নামৰূপবাসীয়ে..

assam mankachar