/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8684c7d4-b36b-439c-b3a1-f5b276672e3a/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মনকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ ঝাউডাঙা গাঁও পঞ্চায়তখনৰে এগৰাকী আৰ টি আই কৰ্মীয়ে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে।
প্ৰাপ্ত অভিযোগ মতে, ঝাউডাঙা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা ৰুমী বেগম পঞ্চায়তৰ উন্নয়নৰ বাবে ২০১৭-১৮ বৰ্ষত প্ৰায় ৩৯ লাখ টকা আৱণ্টন লাভ কৰে। একেদৰে কাউন্সিলাৰগৰাকীয়ে ২০১৮-১৯ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ উন্নয়নৰ বাবে চৰকাৰে আৱণ্টন দিয়া ধন অপচয় কৰিবছে বুলি আৰ টি আই কৰ্মীজনে অভিযোগ তুলিছে।
পঞ্চায়ত খনৰ প্ৰতিটো কামৰ দুৰ্নীতিৰ অভিযোগ তুলি আৰ টি আই কৰ্মীজনে যোৱা ২৮ ডিচেম্বৰত জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত কাউন্সিলাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
ইপিনে ঝাউডাঙা কবৰস্থানৰ ওচৰত ষ্টেগিং পানীৰ টেংকি নিৰ্মাণৰ নামত চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে ২০২০-২১ বৰ্ষত ১ লাখ ৬০ হেজাৰ টকা আৱণ্টন দিছে। কিন্তু উক্ত পানীৰ টেংকিটো মাত্ৰ প্ৰায় ২০-২৫ হেজাৰ টকাত কাম সম্পন্ন কৰাৰ অভিযোগ তুলিছে স্থানীয় গাঁওবাসীয়ে। জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক আৰ টি আই কৰ্মীজনে লিখিত অভিযোগ দিয়াৰ পিচতো আজিলৈ প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ প্ৰকাশ কৰিছে।
আৰু পঢ়ক: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱৰ শেষ নিশ্বাস ত্যাগ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us