/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/woo.jpg)
ডিজিটেল সংবাদ,মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী তেলঢালা গাঁৱত বুধবাৰে দিনৰ প্ৰায় ১২ বজাত বন বিভাগৰ দল এটা মানকাচৰ আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা সহ এটা অবৈধ কাঠফলা মিল জব্দ কৰে।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলা ডিপুটি বন বিষয়া মণিৰ উদ্দীন শেখৰ নেতৃত্বত বন বিভাগৰ দল এটা মানকাচৰ আৰক্ষীৰ সহযোগত তেলঢালা গাঁৱত অভিযান চলায়।
এই অভিযানত গাঁও খনত থকা ছফিকুল ইছলাম নামৰ লোক জনৰ অবৈধ কাঠফলা মিলৰ মেচিন জব্দ কৰাৰ লগতে মিলত জমা কৰি ৰখা বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। জব্দ কৰা কাঠৰ কুণ্ডা খিনি মূল্য প্ৰায় পাঁচ লাখ টকা হব । এই অভিযানত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপালি বৰুৱা উপস্থিত থাকি বন বিভাগত সহযোগ কৰে।
আৰু পঢ়ক: মুকলিৰ বাবে সাজু মঙলদৈ কৰ্কট চেণ্টাৰ…