মানকাচৰত বৃদ্ধি পাইছে ভেকচিনৰ হাৰ…

মানকাচৰত বৃদ্ধি পাইছে ভেকচিনৰ হাৰ…

author-image
asomiyapratidin
New Update
মানকাচৰত বৃদ্ধি পাইছে ভেকচিনৰ হাৰ…

মানকাচৰত বৃদ্ধি পাইছে ভেকচিনৰ হাৰ…

Advertisment

ডিজিটেল সংবাদ দক্ষিণ শালমাৰা: কোভিড ভেকচিন গ্ৰহণ কৰিলে দুবছৰৰ ভিতৰত মৃত্যু হোৱাৰ লগতে লোকজন বন্ধ্যাকৰন হয় বুলি বন জুইৰ দৰে ৰাইজৰ মাজত উৰা বাতৰি বিয়পি পৰাৰ লগে লগে দক্ষিণ শালমাৰা মানকাচৰ জিলাত অধিকাংশ লোক ভেকচিন লোৱা বন্ধ কৰিছিল। ফলত দেশৰ ভিতৰত জিলা খন ভেকচিনৰ হাৰ নিম্নগামী হৈ পৰে। ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উপৰিও ৰাজ্যৰ সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাত জিলা প্ৰশাসন তৎপৰ হৈ পঞ্চায়তৰ জৰিয়তে প্ৰতিখন গাঁৱত বিভিন্ন প্ৰকাৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱাৰ পাছত জিলাখনত ভেকচিনৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

ক্লিক কৰি পঢ়কঃ কোভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ চাকৰি আৰু ৫০ হাজাৰ টকাৰ সাহায্য..

বুধবাৰ দিনটোত জিলা খনত সৰ্বাধিক প্ৰায় ৪ হেজাৰ লোকক ভেকচিন দিয়া হৈছে। বৰ্তমানলৈকে জিলা খনত মুঠ প্ৰায় ৩৮ হেজাৰ লোকক ভেকচিন প্ৰদান কৰি জিলা খন সৰ্ব নিম্ন তালিকাৰ দ্বিতীয় স্থানলৈ উন্নতি হয়। ইফালে জিলাখন দ্বিতীয় স্থানলৈ উন্নতি হোৱাত অসমৰে পশ্চিম কাৰ্বি আলং জিলা দেশৰ ভিতৰত সৰ্বনিম্ন হয় বুলি জানিব পৰা গৈছে।

ৰাজ্য চৰকাৰে প্ৰতিদিনে লক্ষাধিক লোকক ভেকচিন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত দক্ষিণ শালমাৰা মানকাচৰ জিলাত প্ৰতিদিনে প্ৰায় তিনি হেজাৰ লোকক ভেকচিন প্ৰদান কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ দিয়া পৰিলক্ষিত হৈছে। কিন্তু স্বাস্থ্য বিভাগে পৰ্যাপ্ত পৰিমানে ভেকচিন যোগান দিব নোৱাৰাৰ ফলত এতিয়া জিলা খনত ভেকচিনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে প্ৰতি দুদিনৰ অন্তত জিলা খনত ৫ হেজাৰকৈ ভেকচিন যোগান ধৰা হয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা। কিন্তু বৰ্তমান এদিনতে প্ৰায় ৩-৪ হেজাৰ ভেকচিন ৰাইজে গ্ৰহণ কৰাত দ্বিতীয় দিনা মাত্ৰ ১/১.৫ হেজাৰ ভেকচিন প্ৰদান কৰিব পৰা যায়। অৱশ্যে পৰৱৰ্তী দিনা পুনৰ ৫ হেজাৰ ভেকচিন জিলা খনৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে যোগান ধৰাত পিছদিনা এদিনতে প্ৰায় ৪ হেজাৰ লোকক ভেকচিন দিব পৰা যায়।

দেশৰ ভিতৰত ভেকচিনৰ হাৰ নিম্নগামী হোৱা জিলা খনত এতিয়া ৰাইজে ভেকচিন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে জিলা খনত একেলগে কমেও পাঁচ দিনৰ ভেকচিন যোগান দিলেহে এই সমস্যাৰ পৰা ৰাইজে সমাধান পোৱাৰ সম্ভাৱনা আছে।ৰাজ্য চৰকাৰে বৰ্দ্ধিত ভেকচিন কাৰ্য্যসূচী হাতত লোৱাত প্ৰথম দিনাই জিলা খনত মুঠ ৩৪১৫ জন লোকে ভেকচিন গ্ৰহণ কৰে। মুঠৰ ওপৰত জিলা খনত ভেকচিনৰ হাৰ যিমানেই বৃদ্ধি পাবলৈ ধৰিছে সিমানেই ভেকচিনৰ যোগান কমিবলৈ ধৰাত জিলা স্বাস্থ্য বিভাগে চিন্তিত হোৱা পৰিলক্ষিত হৈছে।