মানকাচৰত ভয়ংকৰ পথ দুর্ঘটনা, গুৰুতৰভাৱে আহত ৯জনকৈ লোক…

মানকাচৰত ভয়ংকৰ পথ দুর্ঘটনা, গুৰুতৰভাৱে আহত ৯জনকৈ লোক…

author-image
asomiyapratidin
New Update
মানকাচৰত ভয়ংকৰ পথ দুর্ঘটনা, গুৰুতৰভাৱে আহত ৯জনকৈ লোক…

ডিজিটেল সংবাদ, মানকাচৰ: মানকাচৰৰ দিয়াৰাত ভয়ংকৰ পথ দুর্ঘটনা। যাত্ৰীবাহী টেম্পো গাড়ীক খুন্ধিয়ালে এখন পিক আপ ভেন।

Advertisment

শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। এই দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাবে আহত হয় ৯ জনকৈ যাত্ৰী। ইয়াৰে চালক সহ দুজনৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুয়োকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

গাড়ী চালক জনৰ নাম ছহিদুৰ ইছলাম, আনজন সংকট জনক যাত্ৰীৰ নাম হাচীনা খাতুন (১২)। উল্লেখ্য যে, টেম্পো গাড়ী খন নম্বৰ বিহীন আৰু পিক আপ ভেনৰ নম্বৰ AS34C 0245।

জানিব পৰা মতে দুয়োখন গাড়ী হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে আহি আছিল। টেম্পো গাড়ী খনক অভাৰ টেক কৰিবলৈ গৈ প্ৰচণ্ড খুন্ধা মাৰে। যাৰ ফলত যাত্ৰী সহ এখন পুখুৰীত পৰি যায় টেম্পো খন । এই ঘটনাৰ পাছতেই পিক আপ ভেনৰ চালক জন পলায়ন কৰিছে।

আৰু পঢ়ক: এইবাৰ নগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ গুলী আৰক্ষীলৈ…

assam road accident mankachar