/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/847c934b-f2fe-4e3a-8f93-234423af7ea8/manka.jpg)
ডিজিটেল সংবাদ, মানকাচৰ: মানকাচৰৰ খোপাতীয়া বজাৰৰ মাজেৰে যোৱা একামাত্ৰ লোক নিৰ্মাণ বিভাগৰ পথটো বিগত বছৰ বছৰ ধৰি বিধস্ত হৈ আছে। পথৰ ওপৰত একাঠু পৰ্যন্ত বোকা হৈ থকাৰ পাছতো পথটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে মলাখোৱা আৰু গোটাবাৰী গাওঁ পঞ্চায়ত এলেকাৰ সীমান্তত থকা খোপাতীয়া বজাৰৰ মাজেৰে যোৱা সুখচৰ-হাজিৰহাট সংযোগী পথটো বিগত প্ৰায় ১০-১২ বছৰ ধৰি বিধস্ত হৈ পৰিছে।
এজাক বৰষুণ হ'লেই পথটো সম্পূৰ্ণৰূপে বোকাময় হৈ পৰাত অঞ্চলটোৰ সাধাৰণ জনতা যাতায়তৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সম্মুখীন হৈ আহিছে। ইফালে বজাৰখনতেই পথটো একাঠু পৰ্যন্ত বোকা হৈ থকাৰ ফলত বজাৰখনত সাধাৰণ জনতা বোকা ভাঙি যাতায়াত কৰিবলগীয়া হৈছে।
প্ৰতিদিনে এই পথেৰে অঞ্চলটোৰ প্ৰায় ২০ সহস্ৰাধিক লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰী যাতায়ত কৰে যদিও এই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বজাৰৰ মাজতেই পথটো এইদৰে একাঠু পৰ্যন্ত বোকা হৈ থকাৰ ফলত বজাৰখনত গ্ৰাহকৰ সংখ্যাও লাহে লাহে কমিবলৈ ধৰাত ব্যৱসায়ী সকল লোকচানৰ সম্মুখীন হ'বলগীয়া হৈছে।
মাজে সময়ে দুয়োখন পঞ্চায়তৰ সভাপতি তথা ব্যৱসায়ী সকলে নিজাববীয়াকৈ দুই-চাৰি গাড়ি মাটি পেলাই পথটো যাতায়াতৰ বাবে সুচল কৰে যদিও বৰষুণ হ'লেই পুনৰ বোকা হৈ পৰে।
বিশেষকৈ খোপাতীয়া বজাৰত বৰষুণৰ পানী নামি যাবলৈ কোনো নলা-নৰ্দমা নথকাৰ ফলত এইদৰে ১০-১২ বছৰে বজাৰখনৰ এনে অৱস্থাই পথচাৰী সকলক জলাকলাত ভোগাই থকা পৰিলক্ষিত হৈছে। এই পথটো লোক নিৰ্মাণ বিভাগে পুনৰ নিৰ্মাণ কৰি বজাৰখনত বৰষুণৰ পানী ওলাই যোৱাৰ বাবে নলা নিৰ্মাণৰ দাবী জনাইছে ব্যৱসায়ী তথা পথচাৰী সকলে।