ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশমতে আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ১১ নং মানকাচৰ সমষ্টিৰ ২০২৫ চনৰ ফটোযুক্ত চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।
হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষক হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া অচিন্ত ৰয়ে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত আজি আনুষ্ঠানিক ভাৱে জিলাখনৰ ২০২৫ চনৰ চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলাখনৰ একমাত্ৰ মানকাচৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩০৪১৬০ টা ।
ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৫৩৩৬৩ টা আৰু মহিলা ভোটাৰৰ সংখ্যা ১৫০৭৯২ টা । আনহাতে জিলাখনত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫ টা । খচৰা ভোটাৰ তালিকাৰ পৰা চুৰান্ত ভোটাৰ তালিকাত এইবেলি ৯৮৩ টা ভোট বৃদ্ধি পাইছে বুলি হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া অচিন্ত ৰায়ে সদৰি কৰিছে।
এই কাৰ্য্যসূচীত উপস্থিত থকা কংগ্ৰেছ দলৰ প্ৰতিনিধি মহিবুৰ ৰহমানে নতুন ভোটাৰ তালিকাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।