গাওঁবুঢ়া নিযুক্তি আৰু ভূমি কেলেংকাৰীৰ তদন্ত চলাবলৈ মানকাচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তিনিজনীয়া দল

গাওঁবুঢ়া নিযুক্তি আৰু ভূমি কেলেংকাৰীৰ তদন্ত চলাবলৈ মানকাচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তিনিজনীয়া দল

author-image
asomiyapratidin
New Update
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদঃ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ….

ডিজিটেস সংবাদ, মানকাচৰ: মানকাচৰত পুনৰ উপস্থিত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তিনিজনীয়া দল। গাওঁবুঢ়া নিযুক্তি আৰু ভূমি কেলেংকাৰীৰ তদন্ত চলাবলৈ বৃহস্পতিবাৰে উপস্থিত হয় তিনি জনীয়া দলটো।

Advertisment

দলটো মানকাচৰ ৰাজহ চক্ৰত উপস্থিত হৈ নথি পত্ৰ সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে। নথি পত্ৰ সংগ্ৰহ কৰি দলটো বৰ্তমান হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈছে। কাইলৈ গাওঁবুঢ়া আৰু ভূমি কেলেংকাৰীৰ ওপৰত চলাব তদন্ত ।

জিলা খনৰ তদানীন্তন উপায়ুক্ত আতিকা ছুলতানা আৰু অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানৰ বিৰুদ্ধে এই ভূমি আৰু গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ অভিযোগ। ইতিমধ্যে চিএম ভিজিলেঞ্চৰ হাতত দ্বিতীয় বাৰৰ বাবে গ্ৰেপ্তাৰ হৈছে তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমান।

assam himanta biswa sarma