মানকাচৰৰ লিটন এণ্ড ৰিপন একাডেমীত বিএছএফৰ ছিভিক একশ্যন কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ-বাংলাদেশ সীমান্তবৰ্তী কানাইমাৰা হাই স্কুলত সোমবাৰে দিনৰ ১১ বজাত কাকৰিপাৰা বি এছ এফ কেম্পৰ উদ্যোগত ৪৫ নং বেটেলিয়ান বিএছএফে এক ছিভিক একশ্যন কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয় খনৰ লগতে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক অধ্যয়ন আৰু বিভিন্ন খেল সামগ্ৰী বিতৰণ কৰে।

Advertisment

উল্লেখযোগ্য যে আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত বসৱাস কৰা লোকৰ সৈতে বিএছএফে সু-সম্পৰ্ক গঢ়ি তুলি সীমান্তত সংঘটিত হোৱা বিভিন্ন অপৰাধ দমন কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে সীমান্তত ছিভিক একশ্যন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

আজি একাডেমী খনত অনুষ্ঠিত হোৱা এই ছিভিক একশ্যন কাৰ্যসূচীত ৪৫ নং বেটেলিয়ান বি এছ এফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় উপস্থিত থাকি সামগ্ৰী সমূহ বিতৰণ কৰে। সীমান্তবৰ্তী এলেকাত যিকোনো সমস্যাৰ ক্ষেত্ৰত জনসাধাৰণক বি এছ এফে সম্পূৰ্ণ সহযোগিতা কৰাৰ কথা দোহাৰী আজিৰ এই শিশু শিক্ষাৰ্থী সকল দেশৰ বাবে কাইলৈৰ ভবিষত বুলি মন্তব্য প্ৰদান কৰে।

Also Read: সমৰ্থন কৰাৰ আগতে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয়...