/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/aminul-22.jpg)
ডিজিটেল ডেস্ক : মানকাচৰত বিধায়কে উদ্ধোধন কৰিলে বৈজ্ঞানিক পদ্ধতিৰ ধান ৰোপন যন্ত্ৰ । এতিয়াৰে পৰা ১ বিঘা ভূমিত ধান ৰুবলৈ কৃষকৰ খৰচ হ'ব মাত্ৰ ৩০০ টকা । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ঝাউডাঙা গাওঁ পঞ্চায়তত আজি মানকাচৰৰ বিধায়ক আমিনুল ইছলামে বৈজ্ঞানিক পদ্ধতিৰে ধান খেতি কৰা যান্ত্ৰিক পদ্ধতিৰ ধান ৰোপন সজুলিৰ শুভ উদ্ধোধন কৰে।
উল্লেখ্য যে বিশ্ব বেংকৰ পৰা এপাৰ্চ আঁচনিৰ জৰিয়তে চৰকাৰে হাটশিঙিমাৰী কৃষক উৎপাদক কোম্পানী চমুকৈ এফ পি চিৰ অধীনত কাষ্টম নিয়োগ কেন্দ্ৰক বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিবলৈ বিভিন্ন যান্ত্ৰিক সঁজুলি অনুদান দিছে। কৃষক সকলে কম খৰচত কৃষি কাৰ্য কৰিবলৈ চৰকাৰে অনুদান দিয়া উক্ত যান্ত্ৰিক সঁজুলি সমূহ কাৰ্যকৰি কৰিবলৈ হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ সহযোগত দেওবাৰে কাষ্টম নিয়োগ কেন্দ্ৰই জিলাখনত প্ৰথম বাৰৰ বাবে ঝাউডাঙা গাওঁ পঞ্চায়ত এলেকাত যান্ত্ৰিক ৰোপন সজুলিৰ শুভ উদ্ধোধন কৰে।
মানকাচৰৰ বিধায়ক আমিনুল ইছলামে শুভ উদ্বোধন কৰা এই অনুষ্ঠানত হাটশিঙিমাৰী এফ পি চিৰ মুখ্য কাৰ্যবাহী বিষয়া মইলুল হক, ঝাউডাঙা ইউকো বেংকৰ শাখা প্ৰবন্ধক ৰশিদ জামানৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ধান খেতি কৰিবলৈ কৃষক সকলে প্ৰতি ১ বিঘা ভূমিত কেৱল ধান ৰুবলৈ প্ৰায় ৩ হেজাৰ টকা খৰচ হয়। কিন্তু এতিয়াৰে পৰা এই ধান ৰোৱা যান্ত্ৰিক সজুলি ব্যৱহাৰ কৰি কৃষক সকলে ধান খেতি কৰিলে এক বিঘা ভূমিত ধান ৰুবলৈ মাত্ৰ ৩০০ টকা খৰচ হ'ব । এই মেচিনৰ দ্বাৰা জিলাখনৰ কৃষক সকল উপকৃত হ'ব বুলি জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
জিলাখনৰ কৃষক সকলে অতি কম খৰচত অধিক লাভাম্বিত হোৱাৰ বাবে এই যান্ত্ৰিক পদ্ধতিৰ ধান ৰোৱা মেচিন ব্যৱহাৰ কৰিব লাগে বুলি মানকাচৰৰ বিধায়ক আমিনুল ইছলাম কৃষক সকলক আহ্বান জনায়।
আৰু পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে ঢকুৱাখনা আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ সজাগতামূলক সভা…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us