/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/fcfc0343-c720-4195-9f33-d7cd9b5129b6/mankachar.jpg)
mankachar meeting
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰাত জিলা গাঁও প্ৰধান সন্থাৰ উদ্যোগত বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে মঙলবাৰে বিয়লি ৫ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা গাওঁ প্ৰধান সন্থাৰ উদ্যোগত বাল্য বিবাহ আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে অনুষ্ঠিত সজাগতা সভা খনত জিলা সহকাৰী আয়ুক্তা হিয়া মেধী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
লগতে জিলা সীমান্ত উপ-আৰক্ষী অধীক্ষক ছফৰ আলী, দক্ষিণ শালমাৰা আৰক্ষী চক্ৰ বিষয়া ৰিতুপৰ্ণ বনিয়া, চৰকাৰী কাজী মৌলানা আবুল কালাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। গাঁও প্ৰধান সন্থাৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাত স্থানীয় সতেচন লোকৰ লগতে স্থানীয় আশাকৰ্মী সকল উপস্থিত থাকি সমাজৰ পৰা বাল্য বিবাহ আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ বিষয়ে আলোচনা কৰা হয়।
লক্ষণীয় যে প্ৰায় তিনি মাহ পূৰ্বে জিলাখনত ইতিমধ্যে সম্পন্ন হোৱা মুছলিম বিবাহৰ প্ৰায় ৪৪ শতাংশ বিবাহ বাল্য বিবাহ হোৱা বুলি ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্যৰ এক সমীক্ষাত পোহৰলৈ আহিছিল। তেতিয়াৰ পৰাই জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন, জিলাখনৰ গাওঁ প্ৰধান সকল, চৰকাৰী কাজী তথা জিলাখনৰ আশাকৰ্মী সকলে এনে কু-প্ৰথা সমাজৰ পৰা নাইকীয়া কৰিবলৈ বিভিন্ন ধৰণৰ সজাগতামূলক সভা অনুষ্ঠিত কৰি আহিছে।
ইতিমধ্যে কেইবাটাও স্থানত এনে সজাগতা কৰাৰ ফলত জিলাখনত প্ৰায় ৮০ শতাংশ বাল্য বিবাহ নিয়ন্ত্ৰণলৈ আহিছে যদিও জিলাখনক সম্পূৰ্ণৰূপে বাল্য বিবাহৰ কবলৰ পৰা নিয়ন্ত্ৰণলৈ অনাৰ বাবে গাঁওপ্ৰধান সকলে এনে সজাগতা কৰি যাব বুলি দক্ষিণ শালমাৰাত অনুষ্ঠিত এই বাল্য বিবাহ আৰু শিশু শ্ৰমিক বন্ধৰ সজাগতা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।