/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/MANKACHARRR-444.jpg)
প্ৰতিদিন ডিজিটেল ডেস্ক, মানকাচৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে লোক কল্যাণ দিৱস পালন কৰা হয়। হাটশিঙিমাৰীৰ উপায়ুক্তৰ কাৰ্যালয়তো লোক কল্যাণ দিৱস পালন কৰা হয়। অনুষ্ঠানত মানকাচৰৰ তিনি চৰকাৰী কৰ্মচাৰীক লোক সেৱা বঁটা প্ৰদান কৰা হয়।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে দিনৰ ১১ বজাত জিলা প্ৰশাসনৰ উদ্ধোগত প্ৰথম বাৰৰ বাবে লোক কল্যাণ দিৱস পালন কৰা হয়। জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম আৰু জগদীশ ব্ৰহ্মৰ লগতে জিলাখনৰ জ্যেষ্ঠ নাগৰিক সকলৰ উপস্থিতিত লোক কল্যাণ দিৱস পালন কৰা হয়।
এই লোক কল্যাণ দিৱসত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱনী সম্পৰ্কে আলোচনা কৰাৰ পাছত জিলাখনৰ তিনি গৰাকী দক্ষ কৰ্মচাৰীক লোক সেৱা বঁটা প্ৰদান কৰা হয়। ৩০ বছৰ ধৰি জিলাখনত কৰ্মৰত নিৰ্বাচন শাখাৰ জেষ্ঠ সহায়ক সুৰজিত পাল, ২৮ বছৰ ধৰি কৰ্মৰত অফিচ পিয়ন আমিনা খাতুন আৰু ৮ বছৰ ধৰি কৰ্মৰত উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জাহাঙ্গীৰ আলমক এই বঁটা প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি চৰকাৰী কৰ্মচাৰী তিনিজন উৎফুল্লিত হৈ অনাগত দিনত আৰু অন্য কৰ্মচাৰীয়ে যাতে এইদৰে বঁটা পাবলৈ সক্ষম হয় তাৰ বাবে চৰকাৰক আহ্বান জনায়।
আৰু পঢ়ক : যোৰহাটত "ত্ৰিৰংগা বিপনী কেন্দ্ৰ" উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…