/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7f6bece7-20a3-432e-ba39-d215b3392313/mankachar.jpg)
mankachar
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৱৰ্তী পুঠিমাৰীত মঙলবাৰে বন বিভাগৰ এটা দলে অভিযান চলাই তিনিটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰে। মিল তিনিখনৰ পৰা বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা আৰু দুটা কাঠফলা মেচিন জব্দ কৰে বন বিভাগে।
উল্লেখযোগ্য আজি দুপৰীয়া ১ বজাত জিলা বন বিভাগৰ ডিপুটি ৰেঞ্জাৰ ধনেশ্যাম পাটোৱাৰীৰ নেতৃত্বত বন বিভাগৰ দল এটা অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়।
এই অভিযানত বন বিভাগৰ দলটোৱে পুঠিমাৰীৰ পাহাৰ এলেকাত অভিযান চলাই তিনিটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰে। বন বিভাগৰ দলটোৱে দুটা কাঠফলা মিলৰ মেচিন জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে। ডিপুটি ৰেঞ্জাৰ জনে জানিবলৈ দিয়া মতে মানকাচৰত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব।
মন কৰিবলগীয়া যে জিলাখনৰ অসম মেঘালয় সীমান্তৰ লগতে বিভিন্ন ঠাইত এতিয়াও ২০/২৫ টা অবৈধ কাঠফলা মিল চলি আছে। বন ধ্বংস কৰি এনে অবৈধ মিলত কাঠৰ কুণ্ডা সমূহ ফালি কাঠ সমূহ চোৰাংভাৱে বিভিন্ন সপ্তাহিক বজাৰত বিক্ৰী কৰা হয়।
এই ক্ষেত্ৰত বন বিভাগে সাপ্তাহিক বজাৰ সমূহত ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বন বিভাগে মাজে সময়ে দুই চাৰিটা কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।