মানকাচৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমা অতিক্ৰম, কেইবাখনো গাঁও জলমগ্ন…

মানকাচৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমা অতিক্ৰম, কেইবাখনো গাঁও জলমগ্ন…

author-image
asomiyapratidin
New Update
মানকাচৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমা অতিক্ৰম, কেইবাখনো গাঁও জলমগ্ন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা :দক্ষিণ শালমাৰা মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা ৮ বজাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই বিপদসীমাৰ ৫৫ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে বানৰ পানী। ফলত জিলা খনৰ দুই ৰাজহ চক্ৰ এলেকাৰ ২৫৫ টা ৰাজহ গাঁও বানৰ কবলত পৰিছে।

Advertisment

জিলা খনৰ প্ৰায় প্ৰতিটো বাট পথ ইতিমধ্যে পানীয়ে জলমগ্ন কৰাৰ ফলত সাধাৰণ লোকে কল গছৰ ভুৰ, নাও ব্যৱহাৰ কৰি যাতায়ত কৰিবলগীয়া হৈছে। বানৰ কবলত পৰা শ শ পৰিয়াল নিজৰ ঘৰ দূৱাৰ এৰি ওখ স্থানত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপেক্ষিতত কালিয়েই জিলা উপায়ুক্ত পল্লৱী সৰকাৰে জিলাখনত সকলোধৰণৰ ফেৰী সেৱা তথা চৰকাৰী আৰু ব্যক্তিগত নাও বা জাহাজৰ চলাচলত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে ৷

আৰু পঢ়ক: মন্ত্ৰী বিমল বৰাৰ চমক ! ৮৫ জনক এদিনতে দিলে পদোন্নতি…

assam flood mankachar