ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ৩৫ ছেন্টিমিটাৰ ওপৰত, প্লাৱিত শতাধিক গাঁও…

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ৩৫ ছেন্টিমিটাৰ ওপৰত, প্লাৱিত শতাধিক গাঁও…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ৩৫ ছেন্টিমিটাৰ ওপৰত,  প্লাৱিত শতাধিক গাঁও…

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদ সীমাৰ প্ৰায় ৩৫ ছেন্টিমিটাৰ ওপৰেদি বানৰ পানী বৈ থকাত নৈপৰীয়া শতাধিক গাঁও জলমগ্ন হৈছে। একেদৰে জিলা খনৰ পূব প্ৰান্তত থকা অসম মেঘালয় সীমান্তবৰ্তী প্ৰায় ১৫ খন গাঁও পঞ্চায়ত এলেকা কৃত্ৰিম বানৰ কবলত পৰিছে।

Advertisment

বিগত প্ৰায় ২০ দিন ধৰি শতাধিক গাঁও কৃত্ৰিম বানৰ কবলত পৰি লক্ষাধিক লোক জলবন্দী হৈ আছে। ইফালে মেঘালয়ৰ গাৰো পাহাৰৰ লগতে মানকাচৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত শুকুৰবাৰে অসম মেঘালয় সীমান্তৱৰ্তী তেলঢালা আৰু বৰকোনা এলেকাত ভূমিস্খলন হয়।

তেলঢালা গাঁৱৰ জুলহাছ শেখ পুৱা শুই থকা অৱস্থাত ভূমিস্খলন হৈ পাঁচজন লোক ঘৰৰ তলত পৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত লোক কেইজনৰ প্ৰাণ ৰক্ষা পৰে। ইয়াৰে এজন গুৰুতৰ ভাবে আহত হয়। ভূমিস্খলনৰ ফলত পৰিয়ালটোৰ এটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। ফলত পৰিয়ালটো গৃহহীন হৈ পৰিছে।

একেদৰে গাঁওখনৰ পাৰ্শ্ববৰ্তী বৰকোনাত ভূমিস্খলন হৈ এন ই চি পথৰ যাতায়ত ব্যাহত হৈ পৰে। অৱশ্যে ভূমিস্খলনৰ পাছত পানীৰ ঢল নামি অহাত এন ই চি পথৰ ওপৰেদি পানী বৈ থকা পৰিলক্ষিত হৈছে। গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে আজি মানকাচৰৰ ন ন অঞ্চল বুৰাই পেলাইছে।

আৰু পঢ়ক: ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ…

assam flood mankachar