দক্ষিণ শালমাৰাত ৯৪ খন গাঁৱৰ ৪৪০০ কৃষক পৰিয়ালৰ ১০৯৭ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, হাটশিঙিমাৰী: ৰাজ্যত এইবেলি হোৱা প্ৰথমটো বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৯৪ খন গাঁৱৰ ৪৪০০ কৃষক পৰিয়ালৰ ১০৯৭ হেক্টৰ কৃষিভূমি নষ্ট হৈ কৃষক সকলে বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাত কৃষক সকলক সকাহ দিয়াৰ বাবে প্ৰথম পৰ্যায়ত জিলা কৃষি বিভাগৰ পৰা জিলাখনত কৃষক সকলক ২৮০ কুইণ্টল উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰা হৈছে।

উল্লেখযোগ্য যে প্ৰথমটো বানত জিলাখনৰ মুঠ ৯৪ খন ৰাজহ গাওঁ বানৰ কবলত পৰিছিল। বানৰ মাজতে গৰাখহনীয়াৰ কবলত পৰি বহু পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ হেৰুওৱাৰ উপৰিও জিলাখনত মুঠ ৪৪০০ কৃষক পৰিয়ালৰ খেতি নষ্ট হৈ কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে। কেবল কৃষি কাৰ্য কৰিয়ে উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়া কৃষক পৰিয়ালে বানৰ ফলত খেতি নষ্ট হোৱাত মুৰে কপালে হাত দিবলগীয়া হৈছে।

জিলাখনৰ কেবল মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৭ খন ৰাজহ গাঁৱৰ ২০২৪ টা কৃষক পৰিয়ালৰ ৪০৫ হেক্টৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৭ খন ৰাজহ গাঁৱৰ ২৩৭৬ টা কৃষক পৰিয়ালৰ ৬৯২ হেক্টৰ কৃষি ভূমি বানৰ ফলত নষ্ট হৈ পৰিছে। এইবাৰ বানত জিলাখনৰ মুঠ ৪৪০০ কৃষক পৰিয়ালৰ মুঠ ১০৯৭ হেক্টৰ কৃষি ভূমি নষ্ট হোৱাত কৃষক সকলে মুৰে কপালে হাত দিবলগীয়া হৈছে।

জিলা কৃষি বিভাগৰ পৰা জানিব দিয়া মতে জিলাখনত এইবেলি ১৫ হেক্টৰ ভূমিত শালি ধানৰ কঠিয়াতলী নষ্ট হোৱাৰ লগতে ৩৯১ হেক্টৰ ভূমিত মৰাপাট খেতি, ৩৩৮ হেক্টৰ কৃষি ভূমিত মাটিমাহ, ৬৬ হেক্টৰ ভূমিত মুগমাহ, ১০৮ হেক্টৰ ভূমিত মাকৈ খেতি, ৮৬ হেক্টৰ ভূমিত পাচলি খেতিৰ লগতে ৮৩ হেক্টৰ ভূমিত আন বিভিন্ন খেতি নষ্ট হৈছে। ক্ষতিগ্ৰস্থ কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে কৃষি বিভাগৰ জৰিয়তে বিভিন্ন খেতিৰ বাবে বীজ বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে।

ইতিমধ্যে জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা ৰাজহ চক্ৰ বিষযাৰ জৰিয়তে গাওঁপ্ৰধান সকলে বানত ক্ষতিগ্ৰস্থ কৃষক সকলক ধান খেতিৰ বাবে প্ৰথম পৰ্যায়ত উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰি থকা পৰিলক্ষিত হৈছে। জিলাখনত প্ৰথম পৰ্যায়ত মুঠ ২৮৮ কুইণ্টল উন্নত জাতৰ ধান বিতৰণ কৰা হৈছে। আনহাতে ক্ষতিগ্ৰস্থ পাচলি খেতিয়ককে ধৰি বিভিন্ন খেতিৰ বাবে চৰকাৰী ভাবে বীজ বিতৰণ কৰিব বুলিও জিলা কৃষি বিষয়া মইনুল হকে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in