/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/nnb.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে মানকাচৰৰ বিভিন্ন এলেকাত তাণ্ডৱলীলা চলাই ইতিমধ্যে ঠাকুৰাণবাৰী অঞ্চলৰ ১৬ টা পৰিয়ালৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ লগতে কেবাটাও পথ ছিঙি যোগাযোগ বিচ্ছিন্ন কৰিছে।
ইয়াৰ মাজতে শুকুৰবাৰে পুনৰ কালাপানী এলেকাত থকা কালাপানী-টেপৰপাৰা সংযোগ পথৰ কালো নদীৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই নিয়াত টেপৰপাৰা অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। মানকাচৰৰ লগতে গাৰো পাহাৰত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰতি দিনে ন ন অঞ্চল প্লাবিত হৈ থকাৰ লগতে বিগত প্ৰায় এটা সপ্তাহৰ ভিতৰত ডেৰ শতাধিক গাওঁ জলমগ্ন হৈ পৰিছে।
আনকি জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে সদৰ থকা প্ৰায় ১০ খন চৰকাৰী কাৰ্যালয়, হাটশিঙিমাৰী মহাবিদ্যালয়, হাটশিঙিমাৰী কণিষ্ট মহাবিদ্যালয়কে ধৰি কেবাটাও চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান তথা হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ ঠায়ে ঠায়ে কৃত্ৰিম বানে জলমগ্ন কৰি ৰাখিছে। ফলত শিক্ষানুষ্ঠান সমূহত অস্থায়ী ভাবে পাঠদান বন্ধ কৰি ৰখা হৈছে। ইফালে আজিও গাৰো পাহাৰত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত কালো নদীৰে পানীৰ ধল নামি আহি কালাপানী এলেকাৰ ন ন অঞ্চল প্লাবিত কৰিছে।
জিলাখনত এইদৰে মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে হাহাকাৰৰ সৃষ্টি কৰাত জিলা প্ৰশাসনৰ পৰা আজি পুৱাৰ ভাগত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এল আৰ লস্কৰ, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰে। বিধায়ক গৰাকী মানকাচৰৰ ঠাকুৰাণবাৰী এলেকাতো ধলে উটুৱাই নিয়া ১৬ টা পৰিয়ালৰ ক্ষয়-ক্ষতিৰ বুজ লৈ চৰকাৰী ভাবে তেওঁলোকক সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে।
লক্ষণীয় বিষয় এয়া যে আজিও মানকাচৰৰ লগতে গাৰো পাহাৰত বৰষুণ হৈ আছে। এইদৰে বৰষুণ হৈ থাকিলে মানকাচৰৰ প্ৰতিটো গাওঁ প্লাবিত হৈ জিলাখন বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। অৱশ্য জিলা প্ৰশাসনৰ ফালৰ পৰা ঠায়ে ঠায়ে জমা হোৱা পানী ওলাই যোৱাৰ বাবে বন্ধ নলাবোৰ কাটি সমস্যা সমাধান কৰাৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।
আৰু পঢ়ক: ডেৰ লাখ টকীয়া আম! খাম নে চাম…