/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/MANCACHAR-25.jpg)
ডিজিটেল সংবাদ মানকাচৰঃ আজি পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী পূৰাণ দিয়াৰাত এক ৰহস্যজনক গুলী চালনাত এজন মাছমৰীয়া যুৱক গুলীবিদ্ধ হৈ নিহত হয়। প্ৰাপ্ত বাতৰি মতে পুৰানদিয়াৰা গাঁৱৰ আই হুছেইনৰ পুত্ৰ মনিৰুজ্জামান শেখ ভাৰত বাংলাদেশ সীমান্তৰ কাষতে থকা বিল এখনত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মাছ ধৰিবলৈ যায়।
তেনে সময়ত বি এছ এফে চোৰাং গৰুৰ সৰবৰাহৰ সন্দেহত মাছমৰীয়া যুৱকজনক লক্ষ্য কৰি গুলী চালনা কৰাত তেওঁ মৃত্যুমুখত পৰে। এই ঘটনাক লৈ গাঁৱবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সীমান্তৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত এই ঘটনা সংঘটিত হৈছে।
এই ঘটনাক লৈ আজি দিনৰ প্ৰায় ১১ বজাত জিলা আৰক্ষীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ছাফুৰ আলী, জিলা কাৰ্যবাহী দণ্ডাধীশ কস্তুব দাস, মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি দাসসহ বৃহৎ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সীমান্ত জিলা উপ-আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়া মতে গাঁৱবাসীয়ে বি এছ এফে গুলী কৰা বুলি দাবী কৰিলেও বি এছ এফে গুলী চালনা কৰা নাই বুলি আৰক্ষীক অৱগত কৰিছে।
অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। মন কৰিবলগীয়া যে বি এছ এফে গুলী চালনা কৰাৰ কথা অস্বীকাৰ কৰাত মাছমৰীয়া জনক কোনে গুলী কৰিব পাৰে তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। চাৰিটা সন্তানৰ পিতৃ মাছমৰীয়া জনৰ মৃতদেহৰ কাষত মাছ ধৰা সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মাছমৰীয়া জনৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে স্থানীয় ৰাইজে দাবী তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us