কামাখ্যা মন্দিৰৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

মানকাচৰৰ কামাখ্যা মন্দিৰৰ পুখুৰীত সোমবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
কামাখ্যা মন্দিৰৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ কামাখ্যা মন্দিৰৰ পুখুৰীত সোমবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতী থানা এলেকাৰ অধীনস্থ অসম-মেঘালয় সীমান্তৱৰ্তী মানকাচৰ-ঠাকুৰাণবাৰী কামাখ্যা মন্দিৰৰ পুখুৰীত আজি পুৱা প্ৰায় ৮ বজাত মন্দিৰ কতৃপক্ষই মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

দিনৰ প্ৰায় ১ বজাত আমপাতী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনৰ মৃতদহে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰে। যুৱক জন দক্ষিণ শালমাৰা-মনাকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ নিউ মাৰ্কেটৰ টনু সেখৰ পুত্ৰ ইৰফান সেখ (২২) বুলি চিনাক্ত কৰা হৈছে।

যুৱক জন যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। অতি নম্ৰ স্বভাৱৰ যুৱক জনৰ মৃতদেহ কামাখ্যা মন্দিৰৰ পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনোবাই হত্যা কৰি পুখুৰীত পেলাই দিলে নেকি তাক লৈ ভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।

Also Read: সমৰ্থন কৰাৰ আগতে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয়...