/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
mankachar
প্ৰতিদিন সংবাদ, দক্ষিণ শালমাৰাঃ- দেশৰ নিৰাপত্তাৰ বাবে সীমান্তত ২৪ ঘণ্টা তহল দিয়া বিএছএফে জোৱানৰ অবেহলাৰ বাবে সোমবাৰে এটা মৃতদেহ বাংলাদেশলৈ উটি যোৱা ঘটনাক লৈ ভুক্তভোগী পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
ঘটনাটো দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তৰ। খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ শান্তিপুৰ গাঁৱৰ আব্দুৰ ৰহিম শেখ নামৰ শিক্ষক জনৰ পুত্ৰ ৰাশিদুল ইছলাম ওৰফে জুৱেল (২৪) বিগত তিনি দিন ধৰি ঘৰৰ পৰা নিখোজ হৈ আছিল। পৰিয়ালৰ লোকে বহু ঠাইত যুৱক জনক বিচাৰি আছিল যদিও উদ্ধাৰৰ ক্ষেত্ৰত বিফল হৈ পৰিছিল।
এনে পৰিস্থিতিৰ মাজত আজি বিয়লি প্ৰায় ৪ বজাত গাওঁখনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা শিশুমাৰা বিএছএফ কেম্প এলেকাৰ কাষত ব্ৰহ্মপুত্ৰৰ পাৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। লগে লগে স্থানীয় লোকৰ ভীৰ হয় যদিও মৃতদেহটি বিএছএফে উদ্ধাৰ কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা লাঠিৰে উটাই দিয়ে। ফলত মৃতদেহটি আন্তৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰৰে বাংলাদেশ পায়গৈ।
স্থানীয় একাংশ লোকে মোবাইলত যুৱক জনৰ ফটো আৱদ্ধ কৰে। ইফালে সীমান্তত অচিনাকি যুৱকৰ মৃতদেহ ওলোৱাৰ খবৰ শিক্ষক ৰাশিদুল ইছলাম লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ফটো প্ৰত্যক্ষ কৰি মৃতদেহটি তেওঁৰ পুত্ৰৰ বুলি নিশ্চিত কৰে। ঘটনাক লৈ খবৰ দিয়া হয় খাৰুৱাবান্ধা আৰক্ষী চকীত। খাৰুৱাবান্ধা আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বিএছএফৰ সৈতে আলোচনা কৰি বিজিবিৰ সৈতে যোগাযোগ কৰিবলৈ দিয়ে।
ঘটনাক লৈ পৰিয়ালৰ লোকে জিলা আৰক্ষী অধীক্ষকক এখন লিখিত আবেদন দি মৃতদেহটি উদ্ধাৰ কৰি অনাৰ বাবে আবেদন জনায়। কাইলৈ শিশুমাৰাৰ ৪৫ নং বেটেলিয়ান বিএছএফে বাংলাদেশ বিজিবিৰ সৈতে ফ্লেগ মিটিং কৰি মৃতদেহটি উদ্ধাৰ কৰি অনাৰ বাবে দাবী জনাব বুলি জানিব পৰা গৈছে।
কিন্তু দুখৰ বিষয় এয়া যে শিশুমাৰা বিএছএফ কেম্প এলেকাৰ কাষত থকা ব্ৰহ্মপুত্ৰৰ পাৰত যেতিয়া মৃতদেহটি উপঙি আছিল সেই সময়ত বিএছএফে মৃতদেহটি উদ্ধাৰ কৰাৰ বিপৰীতে লাঠিৰে পাৰৰ পৰা উটাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিএছএফে মৃতদেহটি উদ্ধাৰ কৰিলে আজি ভূক্তভূগী পৰিয়ালটো হাহাকাৰ কৰিবলগীয়া নহ'লহেতেন।
মন কৰিবলগীয়া যে এই যুৱকজন ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে। পিছে যুৱক জনক কোনোবাই হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিলে নেকি তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। মৃতদেহ উদ্ধাৰৰ পাছত আৰক্ষীয়ে তদন্ত কৰিলে বিষয়টো পোহৰলৈ আহিব।