মানকাচৰৰ গোটাবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত মহোৎসৱক লৈ নাও খেল প্ৰতিযোগিতা

মানকাচৰৰ গোটাবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত মহোৎসৱক লৈ নাও খেল প্ৰতিযোগিতা

author-image
asomiyapratidin
New Update
মানকাচৰৰ গোটাবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত মহোৎসৱক লৈ নাও খেল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গোটাবাৰীত দেওবাৰে আজাদি কা অমৃত মহোৎসৱক লৈ জিলা প্ৰশাসনৰ উদ্যোগত নাও খেল অনুষ্ঠিত কৰা হয়।

Advertisment

উল্লেখযোগ্য যে জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল সহ কেবাগৰাকী অতিৰিক্ত উপায়ুক্ত এই নাও খেল প্ৰতিযোগিতাত উপস্থিত থাকে। উপায়ুক্ত গৰাকীয়ে নাও খেল প্ৰতিযোগিতাৰ শুভাৰাম্ভ কৰাৰ পাছত নাও খেল অনুষ্ঠিত হয়।

তিনি বৰণীয়া জাতীয় পতাকাৰ আৰ্হিত নাওখেল খন অনুষ্ঠিত কৰা হয়। আজাদি কা অমৃত মহোৎসৱৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই নাওখেল অনুষ্ঠিত কৰা হয় বুলি এই নাও খেলত উপস্থিত থকা জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰ জানিবলৈ দিয়ে।

আৰু পঢ়ক: ১৫ আগষ্টৰ সন্ধিয়া পতাকা সমূহ খুলি সযতনে ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ…

assam mankachar