/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/617fb944-f7eb-4dc3-aa52-5f009b029c82/eeeee.jpg)
mankachar
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ১৮৫ নং বাংৰীৰচৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী নুৰ জাহানৰ বিৰুদ্ধে চাউল আৰু বুটমাহ বিতৰণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বাংৰীৰচৰ গাঁৱৰ হিতাধিকাৰী আৰু গাঁৱবাসীয়ে জিলা উপায়ুক্তক কৰ্মী গৰাকীৰ বিৰুদ্ধে এখন লিখিত অভিযোগ দাখিল কৰি তদন্তৰ দাবী জনাইছে।
উল্লেখ্য যে শিশুৰ বিকাশৰ বাবে চৰকাৰে সমাজ কল্যাণ বিভাগৰ অধীনত থকা সংহত শিশু উন্নয়ন প্ৰকল্পই অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে শিশু সকলক চাউল, বুটমাহৰ লগতে বিভিন্ন সামগ্ৰী আৱণ্টন দি আহিছে। চৰকাৰৰ এনে আৱণ্টিত চাউল, বুটমাহ হিতাধিকাৰী সকলক বিতৰণৰ ক্ষেত্ৰত একাংশ অংগনবাড়ী কেন্দ্ৰই দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ হাটশিঙিমাৰীৰ ১৮৫ নং বাংৰীৰচৰ অংগনবাড়ী কেন্দ্ৰত কৰ্মী নুৰ জাহানে হিতাধিকাৰী সকলক চাউল আৰু বুটমাহ বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ মতে, শূন্যৰ পৰা তিনি বছৰীয়া শিশুৰ বাবে হিতাধিকাৰী সকলক ৫ কেজি চাউল আৰু ১ কেজি বুটমাহ বিতৰণ কৰিব লাগে। কিন্তু ১৮৫ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী গৰাকীয়ে এনে হিতাধিকাৰীক মাত্ৰ ২ কেজি চাউল আৰু ২৫০ গ্ৰাম বুটমাহ বিতৰণ কৰিছে।
একেদৰে ৩ বছৰৰ পৰা ৬ বছৰীয়া শিশুৰ বাবে চৰকাৰে ২৭ কেজি চাউল আৱণ্টন দিছে যদিও কৰ্মী নুৰ জাহানে এনে হিতাধিকাৰীক মাত্ৰ ১৫-২০ কেজিকৈ চাউল বিতৰণ কৰিছে। তদুপৰি অংগনবাড়ী কৰ্মী নুৰ জাহানে একাংশ হিতাধিকাৰীক চাউল-বুটমাহ বিতৰণ কৰাৰ লগতে ৰহস্যজনকভাৱে আন একাংশ হিতাধিকাৰীক এতিয়ালৈ চাউল-বুটমাহ বিতৰণ কৰা নাই।
হিতাধিকাৰী আৰু গাঁৱবাসীয়ে গুৰুতৰ অভিযোগ তুলি ইতিমধ্যে যোৱা ৩ নৱেম্বৰ তাৰিখে হাটশিঙিমাৰী জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে। কৰ্মী গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি হিতাধিকাৰী সকলক ন্যায় প্ৰদানৰ বাবে হিতাধিকাৰী তথা গাঁৱবাসীয়ে দাবী উত্থাপন কৰিছে।