মানকাচৰত তিনিখনকৈ এম্বুলেন্স মুকলি কৰে বিধায়ক আমিনুল ইছলামে...

বিধায়ক পুঁজিৰ পৰা প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে এম্বুলেন্স তিনিখন বিধায়ক গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ হাতত গতাই দিয়ে
mankachar aminul islam
mankachar aminul islam

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ তিনিটা দুৰ্গম এলেকাৰ বাবে মঙলবাৰে বিধায়ক পুঁজিৰ পৰা তিনিখন এম্বুলেঞ্চ সেৱা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। উল্লেখযোগ্য যে জিলা উপায়ুক্ত, জিলা যুটীয়া স্বাস্থ্য বিষয়াৰ উপস্থিতিত মানকাচৰৰ বিধায়ক আমিনুল ইছলামে তিনিখন এম্বুলেন্স মুকলি কৰে।

বিধায়ক পুঁজিৰ পৰা প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে এম্বুলেন্স তিনিখন বিধায়ক গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ হাতত গতাই দিয়ে। মানকাচৰ সমষ্টিৰ দুৰ্গম এলেকা সুখচৰ, কালাপানী আৰু কাকৰিপাৰা এলেকাত এই এম্বুলেন্স তিনিখনে ৰোগীক সেৱা প্ৰদান কৰিব। দীৰ্ঘদিনৰ পৰা এই এলেকাত তিনিখন এম্বুলেন্স সেৱা নথকাত ৰোগী সকল বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল।

এই এম্বুলেন্স তিনিখন মুকলি কৰাত ৩টা অঞ্চলৰ ৰোগীয়ে আজিৰে পৰা এম্বুলেন্সৰ সুবিধা লাভ কৰিব। যাৰ ফলত ৩টা অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। মানকাচৰ সমষ্টি শিক্ষাৰ লগতে স্বাস্থ্য ক্ষেত্ৰত বহু পিছপৰি আছে। বিধায়ক আমিনুল ইছলাম নিৰ্বাচনৰ সময়ত স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে জনতাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

যাৰ ফলত মঙলবাৰে বিধায়কগৰাকীয়ে এই এম্বুলেন্স তিনিখন মুকলি কৰি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলে বুলি দাবী কৰে। মন কৰিবলগীয়া যে কেইবা কোটি টকা ব্যয় সাপেক্ষে হাটশিঙিমাৰী জিলা অসামৰিক চিকিৎসালয় নিৰ্মাণ কৰি থকা হৈছে। ইতিমধ্যে এই অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণ সম্পন্ন হৈছে। মঙলবাৰে এই এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানৰ সময়ত বিধায়ক গৰাকীৰ লগতে জিলা উপায়ুক্ত, জিলা অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিষয়া সকলে নব নিৰ্মিত হাস্পতাল খন পৰ্যবেক্ষণ কৰে।

হাস্পতালৰ লগতে চিকিৎসাকৰ্মী সকলৰ বাসভৱন বিভাগীয় ঠিকাদাৰজনে নিৰ্মাণ কৰিছে যদিও নিৰ্মাণৰ ক্ষেত্ৰত বহু খেলি মেলি কৰিছে। ঠিকাদাৰজনে দুৰ্নীতিৰ আশ্ৰয় লৈ অতি নিম্ন মানৰ কাম কৰা বিষয়টো জিলা উপায়ুক্ত পল্লৱী সৰকাৰ আৰু বিধায়ক আমিনুল ইছলামৰ চকুত পৰাত কামৰ দায়িত্বত থকা অভিযন্তাক উপায়ুক্ত গৰাকীয়ে ধৰ্মক দি পুনৰ ভালকৈ কাম কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in