১৮ বছৰীয়া হ'ল এ.আই.ইউ.ডি.এফ, মানকাচৰত প্ৰতিষ্ঠা দিৱস উদযাপন...

সোমবাৰে অনুষ্ঠিত কৰা হয় এ আই ইউ ডি এফৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।

author-image
Asomiya Pratidin
New Update
১৮ বছৰীয়া হ'ল এ.আই.ইউ.ডি.এফ, মানকাচৰত প্ৰতিষ্ঠা দিৱস উদযাপন...

AIUDF Foundation day

ডিজিটেল সংবাদ, মানকাচৰ : সোমবাৰে অনুষ্ঠিত কৰা হয় এ আই ইউ ডি এফৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। দলটোৰ মহানগৰীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। মানকাচৰ জিলা সমিতিৰ উদ্যোগতো হাটশিঙিমাৰীস্থিত এ.আই.ইউ.ডি.এফ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে দলীয় নেতা-কৰ্মী সকলে।

Advertisment

২০০৫ চনত মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত অসমত ইউ ডি এফ দল গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত ইউ ডি এফ দলটোক সৰ্বভাৰতীয় পৰ্যায়ত এ.আই.ইউ.ডি.এফ নামেৰে নামাকৰণ কৰা হয়। মানকাচৰ জিলা সমিতিৰ সভাপতি নাজমুল আৰপিনৰ নেতৃত্বত হাটশিঙিমাৰীস্থিত এ.আই.ইউ.ডি.এফৰ কাৰ্যালয়ত দলৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

প্ৰায় অৰ্ধ শতাধিক নেতা-কৰ্মীৰ উপস্থিতিত কাৰ্যালয়খনত এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত দল গঠন সম্পৰ্কে বিস্তাৰিকভাবে আলোচনা কৰা হয়। সভাৰ অন্তত কেক কাটি ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে দলীয় নেতা-কৰ্মী সকলে।

হাটশিঙমাৰী অসামৰিক চিকিতসালয়, গজাৰিকান্ধী খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰে দলীয় নেতা-কৰ্মী সকলে।

আনহাতে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰি হাস্পতাল চৌহদত বৃক্ষ ৰোপনৰ কাৰ্যসূচীও ৰূপায়ন কৰে মানকাচৰ এ.আই.ইউ.ডি.এফৰ জিলা সমিতিয়ে।

assam mankachar