মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত গৰাখহনীয়া…

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত গৰাখহনীয়া…

author-image
asomiyapratidin
New Update
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত গৰাখহনীয়া…

ডিজিটেল সংবাদ, মানকাচৰ : সীমান্তৰ কাঁইটীয়া তাৰৰ নিচেই কাষ চাপিছে বৰলুইতৰ খহনীয়া। মঙলবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সজাতি দল এটা সীমান্তৰ খহনীয়া পৰিদৰ্শন কৰে।সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ লগতে আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতি গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰিছে।

Advertisment

সীমান্তত কাঁইটীয়া তাৰৰ বেৰ নদীত উটি গ'লে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আহিব ভাবুকি। ফলত মানকাচৰৰ শিশুমাৰা সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰি চৰ এলেকায়েদি নদী নিয়াৰ দাবী তুলিছে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে।

তেওঁলোকৰ দাবী, বৰ্তমানে খহনীয়াৰ ভাবুকিৰ সৃষ্টি কৰা সীমান্তক সুৰক্ষা দিবলৈ নদীৰ গতিপথ সলনি কৰিব লাগিব।এনেকি উন্মক্ত হৈ থকা সীমান্তত বান্ধ, ৰাস্তা নিৰ্মান কৰি কাঁইটীয়া তাৰৰ বেৰ নিৰ্মান কৰিবলৈও সজাতি দলটো চৰকাৰৰ ওচৰত দাবী জনায়।

assam himanta biswa sarma mankachar