/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/maniyahola.jpg)
ডিজিটেল ডেস্ক : চৰাইদেউ জিলাৰ অন্তৰ্গত মাণিয়াহোলা বিদ্যালয়ত ঘটিছে এক আশ্চৰ্য্যকৰ ঘটনা । বিদ্যালয়ৰ চৌহদ পৰিণত হৈছে অবৈধ বাসস্থলীলৈ । বিদ্যালয়খনৰে প্ৰধান শিক্ষকৰ অনুমতিত এক দম্পতিয়ে এহাল সন্তানৰ সৈতে বাস কৰিবলৈ লৈছে বিদ্যালয়খনৰে চৌহদত । শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে এই বিষয়ে অৱগত হোৱাৰ পাছত বিদ্যালয়লৈ আহি প্ৰত্যক্ষ কৰিলে ঠায়ে ঠায়ে সুৰাৰ বটল । যি সময়ত শিক্ষানুষ্ঠান এটিৰ ওচৰে পাজৰে মাদক দ্ৰৱ্যৰ বিক্ৰী নিষিদ্ধ, তেনে সময়ত বিদ্যালয়খনৰ চৌহদতে সুৰাৰ বটল উদ্ধাৰ হোৱা ঘটনাটো আইন মতে দণ্ডনীয় ।
উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ অনুমতি প্ৰদানৰ ঘটনাও চাঞ্চল্যকৰ । এই ঘটনাৰ আৰত কোনো স্বাৰ্থ ন্যস্ত হৈ আছে নে সেইয়া জানিব পৰা যাব আৰক্ষীৰ তদন্তত হে ।
আৰু পঢ়ক : অল কায়দাৰে সম্পৰ্কঃ ৭ জেহাদীৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট…